কোলন টিউমাৰ বিপজ্জনক কি বিশেষ লক্ষণলৈ মন কৰিব?

0
8

মধ্য বয়সীয়া বা তাতকৈ বেছি বয়সিয়াল লোকৰ মাজত কোলন কেঞ্চাৰ সাধাৰণ কথা হ’লেও সাম্প্ৰতিক সময়ত এই ৰোগত আক্ৰান্ত তৰুণ ৰোগীৰ সংখ্যা কিন্তু মুঠেও কম নহয়৷ বৰং উদ্বেগজনকভাৱে এই সংখ্যাৰ সূচক উধবৰ্মুখী হৈছে৷ প্ৰাথমিকভাৱে বহুতৰে কোলন বা মলাশয়ৰ ভিতৰভাগ বাঢ়ি অহা বা পলিপ দেখা যায়৷ সময়ৰ লগে লগে এই পলিপবোৰ কেঞ্চাৰলৈ ৰূপান্তৰিত হ’ব পাৰে৷ ফলস্বৰূপে মলদ্বাৰত প্ৰদাহ, মলত্যাগৰ সময়ত তীব্ৰ যন্ত্ৰণা তথা ৰক্তপাতৰ দৰে সমস্যাই দেখা দিব পাৰে৷ মলদ্বাৰৰ কাষত ফুলা মাংসপিণ্ড দেখিলে বা আৰম্ভণিতে অৰ্শ বুলি ভুল কৰে৷ দীৰ্ঘসময় ধৰি কোষ্ঠকাঠিন্যত ভুগিলে ইয়াৰ সঠিক চিকিৎসা নকৰিলে, এনে ৰোগীৰ কোলোৰেক্টাল কেঞ্চাৰ বা কোলন কেঞ্চাৰৰ সম্ভাৱনা বেছি৷ সঘনাই পেটৰ অসুবিধা, ৰক্তপাত হৈ থকা আদি হ’লে সতৰ্ক হোৱা ভাল৷ দিনে কিমানবাৰ মলত্যাগৰ প্ৰয়োজন অনুভূত হয়, হঠাতে তাৰ তাৰতম্য ঘটিলে কোলন কেঞ্চাৰৰ অন্যতম লক্ষণ৷ কেঞ্চাৰৰ সূত্ৰপাত হ’লে তলপেটত অসহ্য যন্ত্ৰণা হ’ব পাৰে, ৰক্তাপ্লতা দেখা দিব পাৰে৷ ৰক্তচাপ উঠা-মনা হ’ব পাৰে৷ শৰীৰ দুৰ্বল লগা, মলৰ সৈতে অতিৰিক্ত তেজ যোৱা আদি হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ গৱেষকৰ একাংশই দাবী কৰা মতে, জীৱন যাত্ৰা আৰু জিনগত সমস্যাৰ উপৰি কোলন কেঞ্চাৰৰ আঁৰত একধৰণৰ বেক্টেৰিয়া থাকে৷ কিছুমান ৰোগীৰ মুখত এই বেক্টেৰিয়া পোৱা যায়, সেই বেক্টেৰিয়াই পাছত পাকস্থলী হৈ মলাশয়ত প্ৰৱেশ কৰে আৰু কেঞ্চাৰৰ কাৰণ হৈ পৰে৷ এই মাৰাত্নক ৰোগৰ পৰা হাত সাৰিবলৈ কম বয়সতে সময়মতে স্বাস্থ্যকৰ খাদ্য খাব লাগে৷ মদ্যপান, ধূমপানৰ অভ্যাস ত্যাগ কৰা, ৰেড মিট খোৱাৰ নিয়ন্ত্ৰণ ৰখা আদি কৰিব লাগে৷ নিয়মিত খাদ্য তালিকাত সজীৱ শাক-পাচলি, ফল-মূল, আটাৰ ৰুটী, ওটছ আদি ফাইবাৰ সমৃদ্ধ খাদ্য ৰখাৰ প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here