কোন ভিটামিনৰ অভাৱত চুলি পাতল হয় : সমাধানৰ উপায় ?

0
253

শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে বিভিন্ন শাৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে৷ অকল শাৰীৰিক অসুস্থতাই নহয়, চুলিৰ সৰাৰ নেপথ্যত আছে শৰীৰত ভিটামিন-ডিৰ পৰিমাণ কমি যোৱাৰ ফল৷ ঘন চুলি পাতল হৈ যাব পাৰে ভিটামিন-ডিৰ অভাৱৰ কাৰণে৷ এই ভিটামিনক ছানচাইন ভিটামিনো বোলা হয়৷ ভিটামিন-ডিয়ে মূৰৰ ফলিকল বৃদ্ধিত সহায় কৰে৷ এই ভিটামিনে নতুনকৈ চুলি গজাত সহায় কৰে৷ চুলিৰ বৃদ্ধিত ভিটামিন-ডি অত্যন্ত কাৰ্যকৰী৷ শৰীৰত ভিটামিন-ডি কমি গ’লে ফলিকলৰ পৰিমাণো কমি যায়৷ যাৰ পৰিণতিত মূৰৰ চুলি সৰা আৰম্ভ কৰে৷ আনহাতে এলোপছিয়াৰ দৰে ৰোগৰ নেপথ্যতো ভিটামিন-ডিৰ অভাৱ পৰিলক্ষিত হয়৷ ইণ্টাৰনেশ্যনেল জাৰ্নাল অব ডাৰ্মাটোলজি-এ জনাইছে যে ভিটামিন-ডিৰ অভাৱত মূৰৰ ছালৰ পুষ্টিৰ অভাৱে দেখা দিয়ে৷ চুলিৰ সৰাৰ পৰিমাণ দুগুণে বাঢ়ে৷ মূৰৰ চুলি পাতল হোৱাৰ প্ৰধান কাৰণ ভিটামিন-ডিৰ অভাৱ৷ ভিটামিন-ডিৰ অভাৱ পূৰণৰ বাবে এইসমূহ খাদ্য খাব পাৰে৷ নিয়মিতভাৱে এই খাদ্য খোৱাৰ পাছত শৰীৰৰ ভিটামিন-ডিৰ অভাৱ পূৰণ হয়৷
দুগ্ধজাত খাদ্যত যথেষ্ট পৰিমাণে ভিটামিন-ডি পোৱা যায়৷ ইয়াৰ লগতে হাড় মজবুত তথা শক্তিশালী কৰিবলৈ দৈনিক খাদ্য তালিকাত গাখীৰ, দৈ, পনীৰ, চিজ আদি ৰাখিব পাৰে৷
চেলমন আৰু টুনা মাছ আদি সামুদ্ৰিক মাছ ভিটামিন-ডিৰ ভাল উৎস৷ এই মাছ নিয়মিতভাৱে খালে শৰীৰত কেলচিয়াম আৰু ওমেগা থ্ৰী ফেটি এচিডৰ অভাৱ দূৰ হয়৷
মাশ্বৰূমত যথেষ্ট পৰিমাণে ভিটামিন-ডি পোৱা যায়৷ সেয়ে শৰীৰত ভিটামিন-ডিৰ অভাৱ নোহোৱা কৰিবলৈ মাশ্বৰূম খাব পাৰে৷
যিকোনো দানাশস্য বা মাহজাতীয় শস্যত যথেষ্ট পৰিমাণে ভিটামিন-ডি পোৱা যায়৷ শৰীৰত ভিটামিন-ডিৰ অভাৱ পূৰণৰ বাবে সেয়ে নিয়মিতভাৱে ওটছ, ৰাজমা, কাঠবাদাম, খেজুৰ, আখৰোট আদি খাব পাৰে৷
পালেং শাকত ভৰপূৰ মাত্ৰাত ভিটামিন-ডি আৰু কেলচিয়াম থাকে৷ দৈনন্দিন খাদ্য তালিকাত সেয়ে পালেং শাক ৰাখক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here