কোন ভিটামিনৰ অভাৱত অনৱৰতে টোপনিৰ ভাব আহে

0
2

ভিটামিনে শৰীৰ স্বাস্থ্য ধৰি ৰখাত সহায় কৰে৷ শৰীৰৰ বিভিন্ন অভাৱ ভিটামিনে পূৰ কৰে৷ আমাৰ শৰীৰৰ ক্লান্তি, ভাগৰ, বিভিন্ন ৰোগৰ কাৰণ হৈছে এই ভিটামিনবোৰৰ অভাৱ৷ অৱশ্যে ভিটামিনভেদে হোৱা শাৰীৰিক ৰোগ তথা অসুবিধাবোৰ সুকীয়া সুকীয়া৷ আমি সকলো জানো যে দেহৰ বাবে অতি আৱশ্যক ভিটামিন হৈছে ভিটামিন-ডি৷ এই ভিটামিন-ডিৰ অভাৱৰ ফলত বিভিন্ন জটিল শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ ভিটামিন-ডি মূল উৎস হৈছে সূৰ্যৰ পোহৰ৷ পুৱাই সূৰ্য উদয় হোৱাৰ সময়কণতে যদি আমি শৰীৰত ৰ’দ লগাওঁ, তেনেহ’লে শৰীৰে ভিটামিন-ডি লাভ কৰে আৰু ইয়াৰ অভাৱজনিত ৰোগৰ পৰা সকাহ দিয়ে৷ আপুনি হয়তো জানি ভাল পাব যে আমাৰ যে অনৱৰতে টোপনি টোপনি লগা এটা ভাব হৈ থাকে, সেয়া মূলতে ভিটামিন-ডিৰ অভাৱতে হয়৷ শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে শৰীৰত অতিৰিক্ত ক্লান্তি দেখা দিয়ে৷ অলপ পৰিশ্ৰম কৰিলেই সহজে ভাগৰি পৰা যায়৷ আনহাতে শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে আপোনাৰ অনৱৰতে মেজাজ গৰম হৈ থাকে৷ মন-মেজাজ ভালে নাথাকে৷ অনৱৰতে খং উঠি থাকে, মানুহজন খিংখিঙীয়া স্বভাৱৰ হয়৷ সেয়ে অতিৰিক্ত অৱসন্ন ভাব দেখা দিয়েই বুজিব যে আপোনাৰ শৰীৰত ভিটামিন-ডিৰ অভাৱ হৈছে৷ আনহাতে ভিটামিন-ডিৰ অভাৱ হ’লে শৰীৰৰ বিভিন্ন অংশৰ যেনে হাড় আদিৰ যন্ত্ৰণা হ’ব পাৰে৷ শৰীৰত এই ভিটামিনৰ অভাৱ হ’লে পেশী টানি ধৰা, বিষ-বেদনা আদি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here