কোন জংঘলত খোজ মিলিল৫ হাজাৰ বছৰ আগৰ সভ্যতাৰ !

0
830


গুজৰাটৰ দেবগড় বৰিয়া বনাঞ্চলৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম৷ অতীজৰে পৰা মধ্যপ্ৰস্তৰ যুগৰ বহু প্ৰত্নতাত্ত্বিক নিদৰ্শনৰ সমল পোৱা গৈছে এই বনাঞ্চল তথা ইয়াৰ সংলগ্ন অঞ্চলবোৰত৷ এই দেবগড় বৰিয়াতেই এইবাৰ নতুনকৈ উদ্ধাৰ হৈছে পাঁচ হাজাৰ বছৰ পুৰণি এক সভ্যতাৰ৷ দেবগড় বৰিয়াৰ জংঘল বগা ভালুকৰ বাবে বিখ্যাত৷ কিন্তু এই অৰণ্য তথা ইয়াৰ আশ-পাশৰ অঞ্চলবোৰ ঐতিহাসিক সংস্কৃতি তথা সভ্যতাৰ ভাণ্ডাৰ৷ সম্প্ৰতি গুজৰাট বন বিভাগৰ এটা দলে দেবগড় বৰিয়াৰ ঘন জংঘলত ট্ৰেকিং কৰিবলৈ গৈছিল৷ দলটোৰ এজনে গভীৰ জংঘলৰ মাজত এটা গুহাৰ পাথৰত লুটি খাই পৰি যায়৷ তেতিয়া বনকৰ্মীজনে ভালদৰে লক্ষ্য কৰি দেখা পায় তাত কিছুমান গুহাচিত্ৰ৷ এইবাৰ অধিক জানিবলৈ বনকৰ্মীজনে লাহে লাহে গুহাৰ ভিতৰত প্ৰৱেশ কৰে৷ গুহাৰ ভিতৰত বিভিন্ন ধৰণৰ ছবি চকুত পৰে৷ গুহাৰ ভিতৰত তেওঁ দেখিবলৈ পায় যে এই অমূল্য প্ৰত্নতাত্ত্বিক গুহাচিত্ৰবোৰক এটা বগা ভালুকে পহৰা দিছে৷ প্ৰত্নতত্ত্ব বিভাগে তাৰ পাছতে নিশ্চিত হয় যে এই গুহাৰ ভিৰতৰ আৱিষ্কাৰ হোৱা সমলবোৰ পাঁচ হাজাৰ বছৰৰ পুৰণি সভ্যতাৰ গুহাচিত্ৰ৷ প্ৰত্নতাত্ত্বিক বিভাগে জনোৱা মতে এই জংঘলত আৰু বহুতো পাহাৰৰ গাত এইধৰণৰ চিত্ৰ আছে, যিবোৰ আংশিকভাৱে নষ্ট হৈ গৈছে৷ এই ছবিবোৰ মূলতঃ দেবগড় বৰিয়া আৰু সাগৰতলিৰ মধ্যভাগত ভেভৰিয়া ডুংগাৰ পাহাৰত আছে৷ গুজৰাটৰ এম এছ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা গুহাচিত্ৰ বিশেষজ্ঞ ভি এইচ সোনাৱানে কয় যে পাহাৰৰ শিলেৰে অঁকা চিত্ৰবোৰ দেখিলে বুজিব পাৰি বেলেগ বেলেগ সময়ত এইবোৰ অঁকা৷ ইয়াৰ এটা ষাঁড়গৰুৰ চিত্ৰ আৰু কেইটামান ছবি সম্ভৱতঃ মধ্যপ্ৰস্তৰ যুগৰ বুলি ধাৰণা কৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে উদ্ধাৰ হোৱা চিত্ৰবোৰ বিৰল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here