মানুহৰ তেজৰ গ্ৰুপৰ লগত ষ্ট্ৰ’কৰ অভিন্ন সম্পৰ্ক আছে৷ আপোনাৰ তেজৰ গ্ৰুপ কি? সেই কথাই জনাই দিব ষ্ট্ৰ’কৰ হোৱাৰ সম্ভাৱনা কিমান৷ এনে এক তথ্য গৱেষণাত প্ৰকাশ পাইছে৷ তেজপ গ্ৰুপৰ সৈতে ষ্ট্ৰ’কৰ যে সম্পৰ্ক আছে সেই গৱেষণাটো কৰা হৈছিল ১৮ ৰ পৰা ৫৯ বছৰ বয়সীয়া লোকক লৈ৷ আনহাতে এই গৱেষণাটো কৰা হৈছিল ১৭ হাজাৰ ৰোগীৰ ওপৰত নিৰ্ভৰ কৰি আৰু তাৰ পৰাই জানিব পৰা গৈছিল চমৎকাৰী তথ্য৷ সাধাৰণতে মানুহৰ তেজৰ গ্ৰুপ চাৰিটা– এ, বি, এবি আৰু ও৷ এই গ্ৰুপ তেজৰ লোহিত কণিকাৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে৷ গৱেষণাৰ পৰা দেখা গৈছিল যে ইয়াৰ মাজৰ এ গ্ৰুপৰ লোকৰ ৬০ বছৰৰ আগতে ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি৷ প্ৰায় ১৬ শতাংশ৷ ইয়াৰ বিপৰীতে ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা ও গ্ৰুপৰ লোকৰ কম৷ ইয়াৰ তুলনাত ও গ্ৰুপৰ লোকৰ ষ্ট্ৰ’কৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১২ শতাংশ৷ ইয়াৰ লগতে এবি গ্ৰুপৰ লোকৰ ষ্ট্ৰ’কত আক্ৰান্তৰ হাৰ ১১ শতাংশ৷ আমেৰিকাৰ ইউনিভাৰছিটি অব মেৰিলেণ্ডৰ স্কুল অব মেডিচিনৰ গৱেষকে পিয়াৰ ৰিভিউ মেডিকেল জাৰ্নাল নিউৰ’লজিত প্ৰকাশিত গৱেষণা পত্ৰত এই কথা প্ৰকাশ হৈছে৷ গৱেষক ষ্টিভেন জে কিটনাৰে জানিবলৈ দিছে যে বৰ্তমান সময়ত কমবয়সীয়া ল’ৰা-ছোৱালী যথেষ্ট পৰিমাণে ষ্ট্ৰ’কৰ আক্ৰান্ত হৈছে আৰু বেছিভাগৰে মৃত্যু হৈছে৷ আনহাতে যিসকলে ষ্ট্ৰ’ক হোৱাৰ পাছতো বাচি আছে, তেওঁলোকৰ শাৰীৰিক দক্ষতা আগৰ তুলনাত কমি গৈছে, শৰীৰলৈ জড়তা আহিছে৷ ৰক্তনলীৰে যেতিয়া তেজৰ সৰবৰাহ মস্তিষ্কৰ সকলো ঠাইলৈ সমানভাৱে নহয়, তেতিয়াই ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বাঢ়ে৷ যেতিয়া ৰক্তনলী ফাটি গৈ ৰক্তপাত হয় কিম্বা মস্তিষ্কত তেজ সৰবৰাহকাৰী সূক্ষ্ম ৰক্তনলীত তেজ জমাত বাধা দিয়ে, তেতিয়াই ষ্ট্ৰ’ক হ’ব পাৰে৷ আনহাতে ষ্ট্ৰ’কৰ আক্ৰান্ত সকলোতকৈ কম দেখা যায় বি গ্ৰুপৰ লোকৰ মাজত৷ ৬০ বছৰ হোৱাৰ আগেয়ে এইদৰে ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা থাকে মাত্ৰ ১০ শতাংশ৷