কোনো কামতে সঠিকভাৱে মন লগাব পৰা নাই : বৃক্ষাসন কৰক

0
13

আপুনি কিবা কথাত যথেষ্ট অশান্তিত আছে, অথবা ক’ব নোৱৰাকৈয়ে আপোনাৰ মনটো খুব বেয়া লাগি আছে৷ দিনত আপুনি কৰা একো এটা কামতে মনটো বহুৱাব পৰা নাই৷ যিমানে আপুনি মনটো শান্ত কৰিবলৈ বিচাৰিছে, তথাপি মনৰ অশান্তি দূৰ হোৱা নাই৷ এনে অৱস্থাত সকলোৰে ক্ষেত্ৰতে কোনো উপায় বিচাৰি পোৱা নাযায় আৰু আপুনি কৰা কামবোৰে সঠিকভাৱে সম্পন্ন নহয়৷ আপোনাৰ ক্ষেত্ৰতো যদি এনেধৰণৰ অৱস্থা হৈছে, তেনেহ’লে যোগাসন কৰিব পাৰে৷ নিয়মিতভাৱে বৃক্ষাসন কৰাৰ অভ্যাস কৰিলে মনৰ অশান্তি দূৰ হৈ মনটো প্ৰফুল্লিত তথা মনৰ স্বাস্থ্য উন্নত হোৱাৰ সহায় কৰে৷ সেয়ে মনৰ স্বাস্থ্য অটুট ৰাখিবলৈ বৃক্ষাসন কৰাৰ অভ্যাস কৰক৷
কিদৰে কৰিব বৃক্ষাসন ঃ- এই আসন কৰিবলৈ বেছি কঠিন নহয় যদিও ইয়াৰ উপকাৰ যথেষ্ট৷ প্ৰথমে মানুহজন মাটিত থিয় হৈ লওক৷ তাৰ পাছত যিকোনো এখন ভৰি আঠুৰ ওপৰলৈ কোঁচাই নিয়ক আৰু আনখন ভৰি মাটিত থওক৷ মাটিত থোৱা ভৰিখনেৰে শৰীৰৰ সমস্ত ভাৰসাম্য বৰ্তাই ৰাখক৷ এইদৰে কিছু সময় ৰৈ পাছত আনখন ভৰিৰে অনুৰূপ ধৰণে কৰাৰ চেষ্টা কৰক৷ এই অৱস্থাত হাত দুখন নমস্কাৰ ভংগীত লগ লগাই মূৰৰ ও

LEAVE A REPLY

Please enter your comment!
Please enter your name here