শাৰীৰিক তথা মনৰ স্বাস্থ্যৰ বাবে প্ৰাণায়াম বা যোগ কৰা অতি আৱশ্যক৷ নিয়মিতভাৱে সঠিক নিয়ম পালন কৰিলে যোগ তথা প্ৰাণায়াম কৰিলে ফলাফল পাব ভাবিব নোৱৰা৷ সেয়ে মন তথা শৰীৰ ভালে ৰাখিবলৈ সময় উলিয়াই যোগ কৰা জৰুৰী৷ ঠিক নিয়মেৰে প্ৰাণায়াম কৰিলে পাব উন্নত ফল৷ কেতিয়াবা ঘৰে ঘৰে চৰ্বি-জ্বৰ হয়৷ শ্বাসৰ সমস্যাও থাকে৷ ইয়াৰ উপৰি পৰিৱেশৰ প্ৰদূষণ বঢ়াৰ লগে লগে বাঢ়িছে শ্বাস-প্ৰশ্বাসৰো সমস্যা৷ তেনে সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেইবাগুণো বঢ়াই ৰখা উচিত৷ বিশেষকৈ হাঁওফাঁও সবল তথা শক্তিশালী কৰি ৰখা দৰকাৰ৷ ভাইৰাছ তথা বেক্টেৰিয়াৰ সংক্ৰমণত যদি হাঁওফাঁও আগতে আক্ৰান্ত হৈছে বা উপযুক্ত শৰীৰচৰ্চাৰ অভাৱত বিভিন্ন ৰোগে দেহত থিতাপি লয়৷ শৰীৰ সুস্থ ৰাখিবলৈ ৰোগ প্ৰতিৰোধ শক্তি বঢ়াবই লাগিব৷ ইয়াৰ বাবে নিয়মিত শ্বাস-প্ৰশ্বাসৰ উন্নতিৰ বাবে ব্যায়াম তথা যোগ কৰা জৰুৰী৷ শৰীৰৰ লগতে হাঁওফাঁওৰ যত্ন তথা সুস্থতাৰ বাবে ভ্ৰামৰী প্ৰাণায়াম কৰাটো অতি আৱশ্যক৷ দৈনিক ভ্ৰামৰী প্ৰাণায়াম কৰাৰ অভ্যাস কৰিলে হাঁওফাঁও সুস্থ থকাৰ লগতে মনোযোগ বঢ়োৱাত সহায় কৰে৷ ইয়াৰ লগতে শ্বাস-প্ৰশ্বাস উন্নত হোৱাত এই আসনে সহায় কৰে৷ ভ্ৰামৰী প্ৰাণায়ামে মনক একাগ্ৰ কৰি ধ্যান বা মেডিটেশ্যনৰ পৰ্যায়লৈ নিয়াত সহায় কৰে৷ মুখেৰে ওলোৱা শব্দৰ কম্পনে মন আৰু স্নায়ুক শান্ত কৰি সুখকৰ অনুভূতি অনাত সহায় কৰে৷ এই প্ৰাণায়ামৰ অভ্যাস কৰিলে মানসিক চাপ আৰু উদ্বেগ নোহোৱা হয়৷ ৰাগ, দুশ্চিন্তা আৰু অনিদ্ৰা দূৰ হয় তথা ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ আনহাতে শৰীৰৰ কোষবোৰক পুনৰুজ্জীৱিত কৰাত এই আসনে সহায় কৰে৷ ভ্ৰামৰীৰ গুণগুণ শব্দই ল’ৰা-ছোৱালীয়ে এই আসন কৰিলে আনন্দ পায়৷ সৰু ল’ৰা-ছোৱালীয়ে নিয়মিতভাৱে এই আসন কৰিলে মনঃসংযোগ, একাগ্ৰতা তথা স্মৃতিশক্তি বাঢ়ে৷
সংস্কৃত শব্দ ভ্ৰমৰ অৰ্থ মৌমাখি৷ ভ্ৰামৰী প্ৰাণায়ামৰ বৈশিষ্ট্য হ’ল এই প্ৰাণায়ামটো কৰাৰ সময়ত গুঞ্জনৰত মৌমাখিৰ দৰে শব্দ কৰিব লাগে৷ এই আসন কৰিবলৈ প্ৰথমে মেটৰ ওপৰত এখন ভৰি ওপৰত এখন উঠাই আৰামত বহি লওক৷ মেৰুদণ্ড আৰু মূৰটো পোন কৰি ৰাখক৷ এইবাৰ হাতৰ দুটা আঙুলিৰে চকু দুটা জপাই ধৰি কনিষ্ঠ আৰু অনামিকা আঙুলি দুটাৰে মুখৰ কাষত ৰাখক৷ তাৰ পাছত মুখেৰে মৌমাখিৰ দৰে গুণগুণ শব্দ কৰক৷ এই সময়ত শ্বাস-প্ৰশ্বাস স্বাভাৱিকভাৱে লওক৷ ১৫ মিনিটমান এইদৰে কৰাৰ পাছত বন্ধ কৰি আগৰ অৱস্থালৈ আহক৷