বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ মেলেৰিয়াৰ বিৰুদ্ধে যুদ্ধত এক ঐতিহাসিক খোজৰ চিনস্বৰূপে ইজিপ্তক মেলেৰিয়ামুক্ত দেশৰূপে ঘোষণা কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এটা বিবৃতিত এই কথা কোৱা হৈছে৷ এই প্ৰসংগতে বিশ্ব স্বাস্থ্য সংস্থাই আৰু কয় যে এই সফলতা হৈছে প্ৰাচীন কালৰে পৰা দেশখনত থকা এই ৰোগৰ অন্ত পেলাবলৈ ইজিপ্ত চৰকাৰ আৰু দেশখনৰ জনতাৰ প্ৰায় এশ বছৰীয়া প্ৰচেষ্টাৰ ফল৷ উল্লেখ্য যে মেলেৰিয়াৰ বাহক মহৰ দ্বাৰা হোৱা সংক্ৰমণৰ শৃংখল কমেও তিনি বছৰৰ বাবে বাধা দিয়া হৈছে বুলি বিস্তৃত আৰু নিৰ্ভৰযোগ্য সাক্ষ্য প্ৰমাণ পালে বিশ্ব স্বাস্থ্য সংস্থাই এখন দেশক মেলেৰিয়ামুক্ত বুলি প্ৰমাণ পত্ৰ দিয়ে৷ ইয়াৰ আগতে এই দেশখনত মেলেৰিয়াৰ যথেষ্ট প্ৰাৰ্দুভাৱ আছিল আৰু প্ৰতিবছৰে কেইবাশতাধিক লোক মেলেৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল৷ কিন্তু চৰকাৰৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত এই দেশখনে মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ কৰি শেষত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰাও মেলেৰিয়ামুক্ত দেশ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ’ল৷