ব্ৰাজিলৰ উপকূলত পোৱা হাঙৰবোৰৰ ওপৰত এক সমীক্ষা কৰা হৈছিল৷ পৰীক্ষাৰ অন্তত প্ৰত্যেকটো হাঙৰৰ শৰীৰত অত্যধিক মাত্ৰাত কোকেইন পোৱা হৈছিল, যি অন্য সামুদ্ৰিক প্ৰাণীৰ তুলনাত প্ৰায় ১০০ গুণ বেছি৷ শেহতীয়াভাৱে লাভ কৰা সমীক্ষা মতে ব্ৰাজিলৰ উপকূলত সাঁতুৰি ঘূৰি ফুৰিছে কোকেইন আসক্ত হাঙৰ৷ কোকেইনৰ নিচাত এই হাঙৰবোৰৰ আচৰণ আনকি স্বাভাৱিকতকৈ সম্পূৰ্ণ বেলেগ দেখা গৈছিল৷ সম্প্ৰতি ১৩টা ব্ৰাজিলিয়ান ‘ছাৰ্প নোজ’ হাঙৰৰ ওপৰত এটা পৰীক্ষাৰ পাছত এনে চাঞ্চল্যকৰ তথ্য পোৱা গৈছে৷ ইয়াৰ আগেয়ে ৰিঅ’ ডি জেনেৰিঅ’ৰ সৈকতৰ কাষৰীয়া অঞ্চলত হাঙৰৰ ওপৰত কৰা এটা সমীক্ষাত এই হাঙৰৰ পেশী আৰু যকৃতত অত্যধিক মাত্ৰাত কোকেইনৰ উপস্থিতি ধৰা পৰিছিল৷ এতিয়া মূল কথাটো হ’ল সমুদ্ৰৰ মাজত কোকেইন আহিল ক’ৰ পৰা৷ এই প্ৰশ্নটোৱে সকলোকে আচৰিত কৰিছে৷ কিছুমান মতে মাদক দ্ৰব্য প্ৰস্তুতৰ বেআইনী পৰীক্ষাবোৰৰ পাছত এই মাদকদ্ৰব্য সমুদ্ৰৰ পানীত মিহলি হয়৷ কিছুৱে কোৱা মতে মাদকাসক্তৰ ৰেচন পদাৰ্থ বা বৰ্জ্য সমুদ্ৰৰ পানীত মিহলি হোৱাৰ ফলতো এনে বিজুতি হ’ব পাৰে৷ কিন্তু সকলোতকৈ গ্ৰহণযোগ্য মতটো হ’ল যে দশকৰ পাছত দশক ধৰি বাজেয়াপ্ত হোৱা মাদক দ্ৰব্য সমুদ্ৰত পেলাই দিয়া হয়৷ কেতিয়াবা আকৌ অবৈধ মাদক দ্ৰব্য সৰবৰাহকাৰীয়ে পুলিচৰ ধৰা পৰাৰ ভয়ত মাদকদ্ৰব্য ভৰ্তি বস্তা সমুদ্ৰৰ পানীত পেলাই দিয়ে৷ মেক্সিকো আৰু ফ্লৰিডাৰ উপকূলত প্ৰায়েই এইধৰণৰ ঘটনা চলি থাকে বুলি বিজ্ঞানীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে ২০২৩ চনত কেৰিবিয়ান সাগৰ তথা আটলণ্টিক মহাসাগৰৰ পৰা প্ৰায় ৬৪০০ কেজি কোকেইন উদ্ধাৰ কৰিছিল আমেৰিকান উপকূলৰক্ষী বাহিনীয়ে৷ এনেদৰে বিপুল পৰিমাণৰ মাদক দ্ৰব্য সমুদ্ৰত মিহলি হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সামুদ্ৰিক জীৱ৷ সেয়ে শেহতীয়াভাৱে সামুদ্ৰিক জীৱ হাঙৰে কোকেইন সেৱন কৰি অস্বাভাৱিক আচৰণ কৰাৰ দৰে ঘটনাৰ আচল ৰহস্য এইবোৰে৷