পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী আছে৷ এই প্ৰাণীবোৰৰ জীৱন কাল ভিন ভিন৷ পৃথিৱীৰ বাস কৰা প্ৰাণীবোৰৰ ক্ষেত্ৰত শতাধিক বছৰ জীয়াই থকা প্ৰাণীৰ সংখ্যা তাকৰ৷ আনকি মানুহো শতাধিক বছৰ জীয়াই নাথাকে৷ জীৱনচক্ৰত কমসংখ্যক লোকেহে শতকৰ ঘৰ স্পৰ্শ কৰে৷ আনহাতে এই পৃথিৱীত এনে কিছু প্ৰাণী আছে, যি প্ৰাণীৰ ১৫০ বছৰ নহ’লে যৌৱন কালেই আৰম্ভ নহয়৷ যাৰ ফলত এই প্ৰাণীবিধৰ ১৫০ বছৰ নহ’লে সন্তান জনম দিয়াৰ ক্ষমতা প্ৰস্তুত নহয়েই৷ শুনিলেই আচৰিত কথা নহয়নে? এই মুহূৰ্তত আপোনাৰ মনলৈ এটা ভাব আহিব পাৰে সেই প্ৰাণীবিধ তিমি মাছ, কচ্ছপ নহ’লে হাতী নেকি? আপোনাৰ এই ধাৰণা সঁচা নহয়৷ তেনেহ’লে এই আ(ৰ্যকৰ প্ৰাণীবিধ কি জানেনে? এই প্ৰাণীবিধ হ’ল একধৰণৰ হাঙৰ, যাক গ্ৰিনলেণ্ড শ্বাৰ্ক বুলি কোৱা হয়৷ এই গ্ৰিনলেণ্ড শ্বাৰ্ক হ’ল এবিধ প্ৰাণী, যি বহু বছৰ জীয়াই থাকে৷ ৩০০ বছৰৰ পৰা ৫০০ বছৰ পৰ্যন্ত এই প্ৰাণীবিধ জীয়াই থাকে৷ বিজ্ঞানীয়ে এই হাঙৰৰ চকুত থকা প্ৰ’টিন পৰীক্ষা কৰি ইয়াৰ বয়স সম্বন্ধে জানিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে গ্ৰিনলেণ্ড শ্বাৰ্ক অতি ধীৰে ধীৰে ডাঙৰ হয়৷ ইহঁতৰ দেহ এবছৰত অতি সামান্যহে বৃদ্ধি পায়৷ বিজ্ঞানীয়ে পৰীক্ষা কৰি পোৱা মতে গ্ৰিনলেণ্ড হাঙৰৰ দেহলৈ যৌৱন আহিবলৈ অৰ্থাৎ এই প্ৰাণীবিধ যৌৱনপ্ৰাপ্তি হ’বলৈ ১৫০ বছৰ লাগে৷ তাৰ পাছতহে ইহঁতে সন্তান ধাৰণ কৰিবলৈ সক্ষম হয়৷ ঠাণ্ডা পানীৰ থকাত অভ্যস্ত এই হাঙৰ মূলতঃ উত্তৰ আটলাণ্টিক আৰু সুমেৰু মহাসাগৰত পোৱা যায়৷