কেমেৰুণে মেলেৰিয়াৰ বিৰুদ্ধে বিশ্বৰ প্ৰথম নিয়মীয়া ভেক্চিন কাৰ্যসূচী আৰম্ভ কৰাৰ লগে লগে মহৰ পৰা বিয়পা ৰোগবিধৰ বিৰুদ্ধে যুঁজত বিশ্ব এটা খোজ আগুৱাই গ’ল৷ এই ভেক্চিন কাৰ্যসূচীৰ ফলত আফ্ৰিকাত প্ৰতিবছৰে হাজাৰ হাজাৰ শিশুৰ জীৱন ৰক্ষা পৰিব বুলি আশা কৰা হৈছে৷ এই ভেক্চিন প্ৰস্তুতত প্ৰায় ৪০ বছৰ সময় লগা লগতে বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱা এই আৰ চি এছ প্ৰস্তুত কৰিছে ব্ৰিটিছ ঔষধ প্ৰস্তুতকৰ্তা জি এছ কেই৷ উল্লেখ্য যে আফ্ৰিকাত প্ৰতিবছৰে মেলেৰিয়াত পাঁচ বছৰৰ তলৰ প্ৰায় পাঁচ লাখ শিশুৰ মৃত্যু হয়৷ ঘানা আৰু কেনিয়াত এই ভেক্চিন পৰীক্ষা কৰাৰ পাছত কেমেৰুণেই হৈছে মেলেৰিয়াৰ নিয়মীয়াকৈ ভেক্চিন দিয়াৰ ব্যৱস্থা কৰা বিশ্বৰ প্ৰথমখন দেশ৷ আনহাতে বিশ্বৰ আন ১৯ খন দেশেও এই বছৰতে মেলেৰিয়া নিয়মীয়া ভেক্চিন দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে৷