কেন্দ্ৰৰ সতৰ্কবাণী : ছেমছাং কোম্পানীৰ ম’বাইলত হেকাৰৰ চকু

0
210


বৰ্তমান ফ’ন কল বা বাৰ্তা প্ৰেৰণৰ কাৰণেই স্মাৰ্ট ফ’নৰ ব্যৱহাৰ কৰা নহয়, আন ভালেমান কামত এতিয়া ইয়াক ব্যৱহাৰ কৰা হয়৷ স্মাৰ্ট ফ’ন এতিয়া আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগৰ দৰে হৈ পৰিছে৷ এক কথাত ক’বলৈ গ’লে বৰ্তমান যুগত স্মাৰ্ট ফ’নৰ অবিহনে আমাৰ জীৱন প্ৰায় অচল হৈ পৰিব৷ বজাৰ-সমাৰ কৰাৰ পৰা আৰম্ভ কৰি বেংকলৈকে বিভিন্ন কামত এতিয়া বৃহৎ সংখ্যক লোকে স্মাৰ্ট ফ’ন ব্যৱহাৰ কৰে৷ ইয়াৰ লগতে স্মাৰ্ট ফ’নত থাকে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য৷ সেয়েহ হেকাৰৰ সদায় লক্ষ্য হৈ থাকে ম’বাইল ফ’ন৷ প্ৰখ্যাত নিৰ্মাতা ছেমছাঙৰ ম’বাইল ফ’ন ব্যৱহাৰ কৰাসকললৈ এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে এক সতৰ্কবাণী প্ৰেৰণ কৰিছে৷ চৰকাৰে এই সতৰ্কবাণীত উল্লেখ কৰা অনুসৰি ছেমছাঙৰ ম’বাইল ফ’ন হেকাৰৰ লক্ষ্য হৈ পৰিব পাৰে আৰু সহজে ব্যৱহাৰকাৰীৰ গুৰত্বপূৰ্ণ তথ্য চুৰ কৰি নিব পাৰে৷ ইলেক্টªনিক্‌ছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ অধীনত কাম কৰা নডেল এজেন্সী ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সী ৰেছপন্স টিমে [চি ই আৰ টি-ইন] এই বুলি সতৰ্ক কৰি দিয়ে যে যিবিলাক ছেমছাং স্মাৰ্টফ’ন এণ্ড্ৰয়ড ১১, ১২, ১৩ বা ১৪ ভাৰ্ছনত চলি আছে সেই বিলাকত থকা সুৰুঙাৰ সুযোগ লৈ হেকাৰৰ ব্যৱহাৰকাৰীৰ ফ’ন হেক কৰিব পাৰে আৰু তেওঁলোকৰ তথ্য চুৰ কৰিব পাৰে৷ চি ই আফ টি-ইনৰ এই সতৰ্কবাণী অতি উচ্চ পৰ্যায়ৰ বুলি কোৱা হৈছে৷ এই সতৰ্কবাণীক ব্যৱহাৰকাৰীয়ে সহজভাৱে ল’ব নালাগে৷ সেয়েহে এনেধৰণৰ এণ্ড্ৰয়ড ফ’ন তৎক্ষণাত আপডেট কৰিবলৈ কোৱা হৈছে৷ উল্লেখ্য যে এণ্ড্ৰয়ড ১১, ১২, ১৩ আৰু ১৪ত চলা ম’বাইলবোৰৰ ভিতৰত গেলেক্সী এছ২৩, গেলেক্সী ফ্লিপ ৫, গেলেক্সী ফ’ল্ড প্ত আদিও আছে৷ চি ই আৰ টি-ইনে প্ৰকাশ কৰা অনুসৰি ছেমছাং কোম্পানীৰ এই ফ’নবোৰত নক্‌ছ ফিচাৰ্ছ সঠিকভাৱে একছেছ নোহোৱা, ফেচিয়েল ৰিকগনিশ্যন ছফ্‌টৱেৰত থকা সুৰুঙা, এ আৰ এমজি এপত অথৰাইজেশ্যনৰ সমস্যাৰ দৰে বিষয়বোৰক লৈ সুৰক্ষাৰ ক্ষেত্ৰত সুৰুঙা আছে৷ ইয়াৰ ফলত হেকাৰে সহজে এনে ফ’ন হেক কৰিব পাৰে আৰু ব্যৱহাৰকাৰীৰ ছিম পিন লাভ কৰিব পাৰে৷ সেয়েহে ব্যৱহাৰকাৰীয়ে উৎপাদনকাৰীৰ পৰামৰ্শ অনুসৰি নিজৰ ম’বাইল ফ’ন আপডেট কৰি থাকিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here