কেন্দ্ৰীয় চৰকাৰে এইবাৰ জন্মৰ প্ৰমাণ-পত্ৰৰ ক্ষেত্ৰত কিছু সংশোধনী আনিবলৈ প্ৰয়াস কৰিছে৷ জন্মৰ প্ৰমাণ-পত্ৰৰ ক্ষেত্ৰত নতুন আইন প্ৰণয়ন কৰাৰ কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ জন্মৰ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত আগতে যি আইন আছিল, সেই আইনৰ সলনি কেন্দ্ৰই নতুন আইন আনিবলৈ বিচাৰিছে৷ ইয়াৰ বাবে সংসদত সংশোধনী বিল পাছো হৈছে৷ সংসদে জন্মৰ প্ৰমাণ-পত্ৰৰ ক্ষেত্ৰত এতিয়াৰে পৰা যি বিলত অনমোদন জনাইছে সেইখন হ’ল ৰেজিষ্ট্ৰেশ্যন অব্ বাৰ্থ এণ্ড ডেথ [এমেণ্ডমেণ্ট] বিল, ২০২৩৷ আগতে এই আইনখন আছিল ১৯৬৯ চনৰ ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থ এণ্ড ডেথ এক্ট, ১৯৬৯৷ এই নতুন সংশোধনী বিলখন দেশৰ নাগৰিকে যিকোনো ক্ষেত্ৰতে জন্মৰ প্ৰমাণ-পত্ৰখন দাখিল কৰিব পাৰিব৷ নতুন এই আইনখনৰ মতে এইবাৰ এই জন্মৰ প্ৰমাণ-পত্ৰখন হাজাৰটা কামত ব্যৱহাৰ কৰিব পৰা যাব৷ জন্মৰ প্ৰমাণ-পত্ৰখনৰ জৰিয়তে কোনো শিক্ষা প্ৰতিষ্ঠানন নামভৰ্তি, ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে আৱেদন কৰিবলৈও এইখন ব্যৱহাৰ কৰিব পাৰিব৷ আনহাতে দেশৰ প্ৰাপ্তবয়স্ক নাগৰিকসকলে ভোটাৰ পৰিচয়-পত্ৰত নাম উঠাবলৈ এই জন্মৰ প্ৰমাণ-পত্ৰখনৰ আৱশ্যক হ’ব৷ ইয়াৰ ফলত আধাৰ কাৰ্ড পোৱাৰো সুবিধা হ’ব৷ আনহাতে জন্মৰ প্ৰমাণ-পত্ৰখন বিবাহৰ সময়তো দৰকাৰ হ’ব৷ বিবাহৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত এই জন্মৰ প্ৰমাণ-পত্ৰখন দাখিল কৰিব লাগিব৷ ইয়াৰ লগতে চৰকাৰী চাকৰিত যোগদান কৰাৰ সময়ত জন্মৰ প্ৰমাণ-পত্ৰত দাখিল কৰাটোতো অতিকে জৰুৰীয়ে৷ নতুন এই আইন কাৰ্যকৰী হ’লে বিভিন্ন সুবিধা উপলব্ধ হ’ব৷ জাতীয় আৰপ ৰাজ্যৰ স্তৰত ৰেজিষ্ট্ৰেশ্যনকৃত জন্ম আৰু মৃত্যুৰ ডাটাবেছ প্ৰস্তুত কৰাত ৰেজিষ্ট্ৰেশ্যন অব্ বাৰ্থ এণ্ড ডেথ [এমেণ্ডমেণ্ট] বিল, ২০২৩ যথেষ্ট সহায়ক হ’ব৷