আজিকালি প্ৰতিখন ঘৰতে সাজসজ্জাৰ সামগ্ৰী হিচাপে প্লাষ্টিকৰ চেয়াৰ, টেবিল, টুল আদি সামগ্ৰীবোৰে বহুলভাৱে ব্যৱহাৰ হয়৷ এইবোৰ সামগ্ৰীয়ে ঘৰখনৰ সৌন্দৰ্য বৃদ্ধিতো অৰিহণা যোগায়৷ আন বহুতো এইধৰণৰ সামগ্ৰী আছে, যিবোৰৰ বিষয়ে সম্যক ধাৰণা নাই৷ যি কি নহওক কিয়, এই সামগ্ৰীসমূহ তৈয়াৰ কৰোঁতে এটা সুকীয়া গঠনত প্ৰস্তুত কৰে৷ প্লাষ্টিকৰ টুলখনৰ সোঁমাজতে এটা ঘূৰণীয়া ফুটা নি(য় সকলোৱে দেখা পাইছে৷ এই ফুটাটো কিয় তাত থাকে, অথবা ইয়াৰ কাম কি সেই বিষয়ে আমি বহুতেই জ্ঞাত নহয়৷ জনা মতে এই ফুটাটোৰ থকাৰ আঁৰত আছে এক বিশেষ কাৰণ, যি খুব বাস্তৱ আৰু বিজ্ঞানসন্মত৷ যিকোনো কোম্পানীয়ে যেতিয়াই এইদৰে তৈয়াৰ কৰিছে, তাৰ কিবা নহয় কিবা কাৰণ থাকিব৷ আমিও জানো আহক টুলৰ সোঁমাজত কিয় ছিদ্ৰ বা ফুটা ৰখা হয়৷ আচলতে টুলৰ চাপ তথা বায়ু পাৰ কৰাৰ কাৰণে এইদৰে মাজডোখৰত ফুটা কৰা হয়৷ আনহাতে টুলৰ মাজৰ অংশত ছিদ্ৰ ৰখাৰ আৰু কাৰণৰ ভিতৰত এটা হ’ল প্লাষ্টিকৰ টুলৰ ওপৰত যেতিয়া ওজন বা মানুহ বহে, তেতিয়া তাৰ চাপৰ বাবে টুলখন ফাটি যোৱাৰ সম্ভাৱনা থাকে৷ এনে অৱস্থাত এই ছিদ্ৰবোৰে ইয়াৰ নমনীয়তা বজাই ৰাখে, যাৰ ফলত টুলখন ভাঙি নাযায়৷