কেঞ্চাৰ ৰোগৰ ২০শতাংশ কাৰণ অজ্ঞাত

0
279


সমগ্ৰ বিশ্বতে কৰ্কট ৰোগ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত বিগত কেইবছৰমান ধৰি এই ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ যাৰ ফলস্বৰূপে বছৰি বৃহৎ হাৰত এই ৰোগত আক্ৰান্ত হৈ প্ৰাণহানি হৈছে৷ মূলতঃ কেঞ্চাৰ ৰোগ হোৱাৰ কাৰণ বিভিন্ন৷ গৱেষণাত পোৱা গৈছে যে কৰ্কট ৰোগৰ মুঠ কাৰকৰ ৪০ শতাংশ হয় ধঁপাত, সুৰা আৰু পাণ মছলা সেৱনৰ ফলত৷ মুম্বাইৰ টাটা মেম’ৰিয়েল চেণ্টাৰৰ উপ সঞ্চালক তথা মুখ্য কৰ্কট ছাৰ্জন অধ্যাপক পংকজ চতুৰ্বেদীয়ে এইদৰে ব্যক্ত কৰে৷ কৰ্কট ৰোগ বিস্তৃতি সন্দৰ্ভত তেওঁ লগতে কয় যে কৰ্কট ৰোগৰ ৪০ শতাংশৰ বাবে দায়ী ধঁপাত, সুৰা, পাণ মছলা আদি৷ চাৰি শতাংশ হৈছে জেনেটিক কাৰণ আৰু ১০ শতাংশ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত৷ কিন্তু কৰ্কট ৰোগ হোৱাৰ ২০ শতাংশৰ কোনো কাৰণ বিচাৰি নাপালে৷ তেওঁ লগতে উল্লেখ কৰি কয় যে এই ২০ শতাংশ অজ্ঞাত কাৰণ হিচাপে তেজৰ আৰু হাড়ৰ কৰ্কট ৰোগৰ কাৰণৰ বিষয়ে কোনো তথ্য নাই৷ সেয়েহে তেওঁ এই সন্দৰ্ভত কয় যে ৰোগৰ কাৰণ জনাটো খুবেই দৰকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here