কেঞ্চাৰ প্ৰতিৰোধ কৰিবপাৰে এইবিধ শাকে

0
210


বাৰ্গাৰৰ পৰা আৰম্ভ কৰি ছালাড কিম্বা ছেণ্ডউইচ সকলোতে লেটুছ শাকে আধিপত্য বিস্তাৰ কৰি আহিছে৷ সেউজীয়া তথা ৰঙা ৰঙৰ এই শাকবিধ খাবলৈ যেনেকৈ সোৱাদভৰা, ঠিক একেদৰে ইয়াৰ স্বাস্থ্যগুণৰ কথা জানিলেও আপুনি চমকি উঠিব৷ কেলৰি, প্ৰ’টিন, ফাইবাৰ, বিভিন্ন প্ৰকাৰৰ ভিটামিন, মেগনেচিয়াম, আইৰন আদি– কি নাই লেটুছ শাকত৷ প্ৰধানতঃ এই শাকবিধ মিছৰত পোৱা যায় যদিও বৰ্তমান সমগ্ৰ বিশ্বতে এই শাকবিধ বিস্তাৰিত হৈছে৷ এই শাকবিধ হালধীয়া সেউজীয়া, গাঢ় সেউজীয়া, ৰঙা অথবা বেঙুনীয়া আদি বিভিন্ন ৰঙৰ হয়৷ ৰঙৰ ভিন্নতাৰ ওপৰত শাকবিধৰ খাদ্যগুণ বেলেগ বেলেগ হয়৷ জনা মতে গাঢ় ৰঙৰ শাকবিধত পুষ্টিগুণ মাত্ৰা যথেষ্ট বেছি থাকে৷ জানো আহক লেটুছ শাকে আমাক কিদৰে উপকাৰ সাধন কৰে৷
লেটুছ পাতত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ এই পাতে আমাৰ শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায় কৰে৷ বিশেষজ্ঞই জনোৱা মতে এই পাতে কেঞ্চাৰ প্ৰতিৰোধী হিচাপে কাম কৰে৷
যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেনেহ’লে লেটুছ শাক খালে উপকাৰ যথেষ্ট পাব৷ যিসকলে শৰীৰৰ ওজন কমাবলৈ বিচাৰে তেওঁলোকে খাদ্য তালিকাত নিয়মিতভাৱে লেটুছ শাক অন্তৰ্ভুক্ত কৰক৷ লেটুছ শাকত খুব কম পৰিমাণে কেলৰি থাকে৷ সেয়ে লেটুছ পাতৰ ছালাড খালে বহু দেৰিলৈ পেট ভৰ্তি হৈ থাকে বাবে খাদ্য কমকৈ খালেও হয়৷
কেলচিয়ামে হাড় শক্তিশালী তথা মজবুত কৰাত সহায় কৰে৷ লেটুছ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম পোৱা যায় বাবে হাড়ৰ গঠন তথা হাড় মজবুত কৰি ৰাখিবলৈ নিয়মিতভাৱে খালে সুফল পোৱা যায়৷ আনহাতে তেজ জমা হোৱাৰ বাধা হোৱা সমস্যা সমাধান কৰিবলৈ লেটুছ পাত অতি উত্তম৷
লেটুছ পাতত পটেচিয়ামৰ গুণাগুণ আছে৷ শৰীৰত পটেচিয়ামৰ নাটনি পূৰাবলৈ খাদ্যৰ সৈতে লেটুছ পাত খালে সুফল পাব৷ আনহাতে হাৰ্ট সুস্থ আৰু সবল কৰি ৰাখিবলৈ লেটুছ পাত ভীষণ উপকাৰী৷
লেটুছ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়৷ ইয়াত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-বি৬ থাকে৷ যিয়ে চকু ভালে ৰখাৰ লগতে চৰ্দি, কাহ আৰু ঠাণ্ডা লগাৰ পৰা হাত সাৰিবলৈ যথেষ্ট সহায় কৰে৷ ইয়াৰ উপৰি শৰীৰত পানীৰ অভাৱ নিৰাময় কৰিবলৈ লেটুছ পাত খালে উপকাৰ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here