কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰেটুথপেষ্ট, ছেম্পুয়েও

0
236


সমগ্ৰ বিশ্বতে কেঞ্চাৰ এটা মাৰাত্মক ব্যাধিত পৰিণত হৈছে৷ ভাৰতত প্ৰতি বছৰে কেইবা লাখ লোক কেঞ্চাৰত আক্ৰান্ত হয়৷ কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰা কেইবাটাও কাৰক আছে৷ ইয়াৰ ভিতৰত আমি পুৱা-গধূলি দাঁত ব্ৰাছ কৰোঁতে ব্যৱহাৰ কৰা টুথপেষ্টো আছে৷ বিশেষজ্ঞসকলৰ মতে, টুথপেষ্টে কেঞ্চাৰ হোৱাৰ আশংকা বৃদ্ধি কৰে৷ এই সম্পৰ্কত গৱেষণা কৰা টৰণ্টো বিশ্ববিদ্যালয়ৰ এজন গৱেষকে কয় যে টুথপেষ্টত ট্ৰাইক্ল’ছন যৌগ পোৱা যায়৷ ই কেঞ্চাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে৷ ই এনেকুৱা এবিধ যৌগ যি শৰীৰত কেঞ্চাৰ ৰোগ সৃষ্টি কৰা কাৰকবোৰক সক্ৰিয় কৰি তোলে৷ একাংশ টুথপেষ্টত ট্ৰাইক্ল’ছন অধিক মাত্ৰাত পোৱা যায় আৰু ই কেঞ্চাৰৰ কাৰণ হৈ পৰিব পাৰে৷ কেঞ্চাৰ ৰোগ বিশেষজ্ঞসকলৰ মতে, ট্ৰাইক্ল’ছনে অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াবোৰৰ ক্ষতি সাধন কৰে৷ ইয়াৰ ফলত কেঞ্চাৰ ৰোগৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে টুথপেষ্ট অধিক মাত্ৰাত বৱহাৰ কৰিব নালাগে৷ ইয়াৰ লগতে ড্ৰাই ছেম্পুত বেনজিন নামৰ এবিধ ৰাসায়নিকথাকে৷ এই ৰাসায়নিকে কেঞ্চাৰ হোৱাত অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here