কেঞ্চাৰৰ শংকা ! গেছৰ ঔষধ ৰেনটেক-জিনটেকৰ লৈ তদন্তৰ নিৰ্দেশ

0
1

ৰেণ্টিডিন হ’ল হিষ্টামিন-২ ব্লকাৰ গ্ৰুপৰ ঔষধ৷ ভাৰতত ৰেনটেক, জিনটেক এচিলক নামেৰে বজাৰত এই ঔষধ উপলব্ধ৷ গেছ, এচিডিটি, পেটৰ বিষ হ’লে এই ঔষধ খোৱাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ কিন্তু সাৱধান হওক৷ এই ঔষধৰ বেছি প্ৰয়োগৰ ফলত কেঞ্চাৰ হ’ব পাৰে৷ এই সম্ভাৱনাক লৈ বহুদিন ধৰি চৰ্চা চলি আছে৷ গেছ-এটিডিটিৰ উপশমৰ বাবে ৰেণ্টিডিন গোত্ৰৰ ঔষধক লৈ এইবাৰ কাঢ়া নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যলৈ এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ জাৰি কৰিছে৷ চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন বা চি ডি এছ চি অ’-এ এইবোৰ ঔষধত কেঞ্চাৰৰৰ উপাদান কিমান পৰিমাণে ৰৈছে, সেয়া পৰীক্ষা কৰিবলৈ কোৱা হৈছে৷ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ঔষধ নিয়ন্ত্ৰণ সংস্থাবোৰক ৰেণ্টিডিন প্ৰস্তুত কৰাৰ সময়ত এন-নাইট্ৰোছোডিমিথাইলামাইনৰ মাত্ৰা পৰীক্ষা কৰিব লাগিব৷ আনহাতে এই ঔষধ যাতে দীৰ্ঘদিন ধৰি দোকানত পৰি নাথাকে, সেয়াও লক্ষ্য ৰাখিবলৈ কোৱা হৈছে৷ আনহাতে ৰেণ্টিডিনৰ কোনো পাশ্বৰ্প্ৰতিক্ৰিয়া আছে নে নাই, সেয়াও পৰীক্ষা-নিৰীক্ষাৰ বাবে গত বছৰৰ ডিচেম্বৰত গঠিত বিশেষজ্ঞ সমিতিক জমা দিয়া ৰিপ’ৰ্ট পৰ্যালোচনা কৰে চি ডি এছ চি অ’-এ৷ চনৰ পৰা ৰেণ্টিডিন ঔষধক লৈ বিভিন্ন ধৰণৰ অভিযোগ উঠি আহিছে৷ আমেৰিকাৰ খাদ্য আৰু ঔষধ নিয়ামক সংস্থা এফ ডি এয়ে অভিযোগ কৰে যে কেঞ্চাৰৰ কাৰণ হ’ব পাৰে, এনে উপাদানৰ উপস্থিতি পোৱা গৈছে ৰেণ্টিডিনত৷ উল্লেখ্য যে আমেৰিকাত এই ঔষধ ২০২০ চনৰ পৰা নিষিদ্ধ কৰি দিয়া হয়৷ আনহাতে ভাৰতত এই ঔষধক লৈ পৰীক্ষা-নিৰীক্ষা চলি আছে৷ দাবী কৰা হৈছে– এই ৰেণ্টিডিনত আছে এন-নাইট্ৰোছোডিমিথাইলামাইন নামৰ উপাদান, যিয়ে পাকস্থলী, খাদ্যনলী, মূত্ৰাশয়ৰ কেঞ্চাৰৰ কাৰণ হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here