কেঞ্চাৰৰ ফাৰ্ষ্ট ষ্টেজত শৰীৰত প্ৰথমে দেখা দিয়ে এই লক্ষণে

0
6

সমগ্ৰ বিশ্বতে কেঞ্চাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই ৰোগৰ প্ৰাদুৰ্ভাৱ ইমানেই বাঢ়িছে যে কেঞ্চাৰৰ নাম শুনিলেই সকলোৱে আতংকিত হৈ পৰে৷ কেঞ্চাৰ সময়মতে ধৰা নপৰিলে মৃত্যু অনিবাৰ্য৷ সেয়ে কেঞ্চাৰৰ লগত যুঁজ দিয়া অথবা ইয়াক হাৰ মনাব পৰা প্ৰথম চৰ্তটোৱেই হ’ল সঠিক সময়ত ৰোগৰ চিনাক্তকৰণ৷ য’ত কেঞ্চাৰৰ উপসৰ্গ চিনাক্ত কৰা যায়, তাতে চিকিৎসা সফল হোৱাৰ সম্ভাৱনা থাকে৷ কৰ্কট ৰোগ বিভিন্ন ধৰণৰ হয় আৰু প্ৰতিটো পৃথক পৃথকভাৱে শৰীৰৰ বিভিন্ন অংশত আক্ৰমণ কৰে৷ আনহাতে কেঞ্চাৰৰ উপসৰ্গও ভিন্ন৷ বৰ্তমান যুৱ প্ৰজন্মই সাংঘাতিকভাৱে এই ৰোগৰ চিকাৰ হৈছে৷ মেডিকেল জাৰ্নাল দ্য লেনছেটৰ তথ্য অনুসৰি কেঞ্চাৰত আক্ৰান্ত ৰোগীৰ সংখ্যাই বিশ্বৰ তিনি নম্বৰত অৱস্থান কৰিছে ভাৰত৷ আনহাতে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চৰ সমীক্ষা মতে প্ৰতি পাঁচজন কেঞ্চাৰত আক্ৰান্তৰ মাজত তিনিজনৰেই মৃত্যু হয়৷ বৰ্তমান ৫০ বছৰৰ তলৰ লোকৰ মাজত কেঞ্চাৰৰ আক্ৰমণ বৃদ্ধি পাইছে৷ বিশেষকৈ স্তন কেঞ্চাৰ, লিম্ফোমা তথা কোলন কেঞ্চাৰৰ বৃদ্ধিৰ হাৰ লক্ষ্য কৰা হৈছে৷ ইয়াৰ উপৰি টেষ্টিকুলাৰ, কিডনী আৰু অগ্নাশয়ৰ কেঞ্চাৰৰ ঘটনাও বাঢ়িছে৷ গৱেষণাত দেখা গৈছে যে কেঞ্চাৰে শৰীৰত বাস কৰিলে প্ৰাথমিক কিছুমান উপসৰ্গ ধৰা পৰে৷ এই উপসৰ্গবোৰ লক্ষ্য কৰিলে ফাৰ্ষ্ট ষ্টেজ ধৰা পৰিব পাৰে৷ একেবাৰে প্ৰাথমিক পৰ্যায়ত ৰোগ ধৰা পৰিলে চিকিৎসা কাৰ্যকৰ হোৱাৰ সম্ভাৱনা বহু বেছি৷ এইসমূহ প্ৰাথমিক লক্ষণ কি কি জানো আহক৷
ৰাতি টোপনিত অতিৰিক্ত ঘাম বাহিৰ হোৱা, জ্বৰ, ঠাণ্ডা লগা বা দুৰ্বল অনুভৱ কৰা আদি লক্ষণবোৰ দেখা দিয়াটো উদ্বেগৰ বিষয়৷ এই উপসৰ্গবোৰে লিম্ফোমা কেঞ্চাৰৰ উপসৰ্গ হ’ব পাৰে৷ ই একধৰণৰ কেঞ্চাৰ, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱিত কৰে৷ আনহাতে শৰীৰৰ যদি কোনো অংশত কোনো কাৰণ নোহোৱাকৈ ফুলা, ওখহি উঠা দেখা পায়, ততালিকে চিকিৎসকৰ ওচৰ চপা উচিত৷
কোলন কেঞ্চাৰৰ এটা গুৰুত্বপূৰ্ণ লক্ষণ অন্ত্ৰৰ সমস্যা৷ মলত্যাগৰ অভ্যাসত অস্বাভাৱিক পৰিৱৰ্তন, যেনে মলয়াৰ ৰং ক’লা হোৱা, ময়লাত তেজ যোৱা আদি চিন্তাৰ কাৰণ হ’ব পাৰে৷ কোলন কেঞ্চাৰ বৃদ্ধিৰ প্ৰধান কাৰণ হ’ল পৰিৱেশগত আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন৷
যদি কোনো ব্যক্তিৰ হঠাতে শৰীৰৰ ওজন বৃদ্ধি হয় অথবা হঠাতে ওজন হ্ৰাস হয়, এই লক্ষণবোৰ চিন্তাৰ কাৰণ হ’ব পাৰে৷ ইয়াৰ লগতে অতিৰিক্ত ক্লান্তি অনুভৱ হোৱা, টোপনিৰ ধৰণৰ পৰিৱৰ্তন হোৱা আদি লক্ষণ দেখিলে অৱহেলা নকৰিব৷
ছালত যদি হঠাতে কোনো পৱিৱৰ্তন যেনে কোনো অংশৰ ৰং সলনি হোৱা, ছালত দাগ পৰা, আঘাত নোহোৱাকৈয়ে ফুলি উঠা আদি লক্ষণবোৰ মেলানোমাৰ দৰে ছালৰ কেঞ্চাৰৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here