কেগৰ প্ৰতিবেদনত ধৰা পৰিলআয়ুষ্মান আঁচনিৰ ব্যাপক অনিয়ম

0
296

ভাৰত চৰকাৰৰ স্বাস্থ্য আঁচনি আয়ুষ্মান ভাৰত আঁচনিত ব্যাপক অনিয়ম ধৰা পেলাইছে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক চমুকৈ কেগ-এ৷ কেগে ইয়াৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি একেটা ফোন নম্বৰত প্ৰায় ৭.৫ লাখ লোকৰ নাম পঞ্জীয়ন কৰা হৈছে৷ ইয়াৰ উপৰি আন এটা ফোন নম্বৰত পঞ্জীয়ন কৰা হৈছে প্ৰায় ১.৩৯ লাখ লোকৰ নাম৷ প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে আয়ুষ্মান ভাৰত আঁচনিত এনেকুৱা লোকৰ নাম পঞ্জীয়ন কৰা হৈছে, যিসকলে এই আঁচনিৰ কাৰণে যোগ্য নহয়৷ পঞ্জীয়নৰ বাবে যোগ্যতা নথকা লোকে প্ৰায় ২২ কোটি টকাৰ লাভ আদায় কৰিছে৷ এই আঁচনিৰ অধীনত ৭.৫ লাখ লোকে নাম পঞ্জীয়ন কৰা নম্বৰটো আছিল ৯৯৯৯৯৯৯৯৯৯৷ সংসদত দাখিল কৰা কেগৰ প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে৷ আনহাতে মৃত ব্যক্তিৰ নামতো এই আঁচনিৰ জৰিয়তে লাভ আদায় কৰা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে৷ আয়ুষ্মান আঁচনিৰ সৈতে জড়িত চিকিৎসালয়ৰ মানক লৈও কেগে প্ৰশ্নৰ অৱতাৰণা কৰে৷ কেগে উল্লেখ কৰা অনুসৰি একাংশ ৰাজ্যত  হিতাধিকাৰীৰ পৰা সুকীয়াকৈ ধন লোৱা হৈছিল৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ ২৩ ছেপ্টেম্বৰত উদ্বোধন কৰা এই আঁচনিখনৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ ৫ লাখ টকাকৈ স্বাস্থ্য বীমা কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here