কেইবছৰমান পাছত বিশ্বইদেখিব অন্য এখন সুমেৰু সাগৰ

0
914

সুমেৰু বা উত্তৰ মেৰু বুলি ক’লে প্ৰথমে চকুৰ আগত ভাহি আহে বৰফৰ পূৰ্ণ আচ্ছাদন বা বৰফৰ চাদৰেৰে ঢাকি থকা এক শ্বেতqw মেৰু অঞ্চল৷ কিন্তু মানুহৰ এই ধাৰণা যেন লাহে লাহে সলনি হ’বলৈ লাগিছে, কিয়নো জলবায়ু পৰিৱৰ্তন তথা উষ্ণায়নৰ প্ৰভাৱ ইয়াৰ বৰফ অত্যধিক মাত্ৰা গলন আৰম্ভ হৈছে, যিয়ে ভৱিষ্যতে ইয়াৰ পূৰ্বৰ ধাৰণা নোহোৱা কৰিব৷ উত্তৰ মেৰুই হওক বা দক্ষিণ মেৰুই, উষ্ণায়নৰ প্ৰভাৱ কিমান ভয়ংকৰ হ’ব সেই বিষয়ে বিজ্ঞানীয়ে পূৰ্বানুমান কৰিছিল৷ সম্পূৰ্ণ বৰফেৰে ঢকা মেৰু অঞ্চলত গৰম বা উষ্ণতাৰ প্ৰভাৱৰ ফলত বৰফ গলি পাতল হৈ পৰিছে৷ বিজ্ঞানীয়ে পূৰ্বাভাস দিয়া মতে সুমেৰুত গ্ৰীষ্মকালত বিশেষকৈ ছেপ্টেম্বৰ মাহত সুমেৰু সাগৰৰ পানীত বৰফ উপঙি থকা দেখিবলৈ পোৱা নাযায়ও পাৰে৷ এই অঞ্চলত যিদৰে গ্ৰীন হাউছ গেছৰ নিৰ্গমণ চলি আছে, এটা সময়তে সকলো বৰফ গলি নাইকিয়া হৈ যাব৷ বিজ্ঞানীয়ে অনুমান কৰা মতে ২০৫০ চনৰ ভিতৰত এনে অবাঞ্ছিত ঘটনা ঘটিব পাৰে৷ সেয়েহে ২০৫০ চনৰ আগতে যদি গ্ৰীন হাউছ গেছৰ নিৰ্গমণ কমাবলৈ সক্ষম নহয়, তেতিয়াহ’লে বিশ্ববাসীয়ে ইয়াৰ বৰফ গলা প্ৰক্ৰিয়া দেখিয়েই থাকিব৷ আৰু যদি এতিয়া যিদৰে বৰফ গলন প্ৰক্ৰিয়া চলিয়েই থাকে, তেনেহ’লে ২০৩০ চনৰ পৰা ২০৪০ চনৰ  ভিতৰত সুমেৰু সাগৰৰ সকলো বৰফ গলি পানীলৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত৷ আনহাতে বিজ্ঞানীসকলে আগতে জনাইছে যে বিশ্বৰ উষ্ণায়ন তথা তাপমাত্ৰা বৃদ্ধিত মানুহ সম্পূৰ্ণ জড়িত আছে৷ মানুহৰ কুকৰ্মৰ ফলতে  বছৰৰ পাছত বছৰ উষ্ণতা বৃদ্ধি পাই গৈ আছে৷ যিদৰে নিৰন্তৰ গ্ৰীন হাউছ গেছৰ নিৰ্গমণ আৰম্ভ হৈছে, তাৰ ফলতে মেৰু অঞ্চলত বৰফ গলিবলৈ বাধ্য হৈছে৷ বৰফ গলা প্ৰক্ৰিয়া এইদৰে অব্যাহত থাকিলে বিগত সময়ত বিভিন্ন দেশৰ স্থলভাগ ভাহি থকা দেখিবলৈ বেছি দিন নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here