কেঁচা লিচু ভুলতো নাখাব! কিয়?

0
3253

লিচু খাই ভাল নোপোৱা মানুহ নাই বুলিবই পাৰি৷ ই এবিধ ঋতুকালীন ফল৷ ইয়াত প্ৰচুৰ পৰিমাণে ঔষধি গুণ আছে৷ কিন্তু কেঁচা লিচু আৰু ইয়াৰ গুটিয়ে আপোনাৰ স্বাস্থ্যৰ পক্ষে মাতি আনিব পাৰে বিপদ৷ হয়, যদি আপুনি খালী পেটত কেঁচা লিচু খায়, তেন্তে ই আপোনাৰ শৰীৰৰ বাবে হানিকাৰক৷ কেঁচা লিচুত বিষাক্ত Hypoglycine A আৰু Methyline cyclopropyl glycine (MCPG) থাকে, যাৰ দ্বাৰা বমিৰ লগতে জ্বৰ, মূৰঘূৰণি আদিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ কেঁচা লিচুত থকা বিষাক্ত Hypoglycine A- ত এমিন’ এচিড থাকে৷ যাৰ বাবে বমিৰ দৰে সমস্যাই দেখা দিয়ে লগতে তেজত থকা গ্লুকজৰ ওপৰত বেয়া প্ৰভাৱ পেলায়৷ ইয়াৰ উপৰি ইয়াৰ গুটিত থকা MCPG হৈছে বিষাক্ত উপাদান৷ যাৰ প্ৰভাৱত ব্লাড ছুগাৰত কুপ্ৰভাৱ পেলাব পাৰে৷ তদুপৰি মানসিক স্থিতি সলনি কৰাৰ লগতে ভাগৰ লগা, সংজ্ঞাহীনতা শেষত মৃত্যুপৰ্যন্ত হোৱাৰো সম্ভাৱনা থাকে৷ ২০১৪ চনত বিহাৰৰ মুজাফফ্‌ৰপুৰত এনেদৰে কেঁচা লিচু খোৱাৰ ফলত ১২২ গৰাকী লোকৰ মৃত্যু হৈছিল আৰু ৩৯০ গৰাকী লোকক হাস্পাতালত ভৰ্তি কৰাবলগীয়া হৈছিল৷ উপৰিউক্ত তথ্যৰ পৰা জনা গৈছে যে খালী পেটত কেতিয়াও কেঁচা লিচু খাব নালাগে৷ আনহাতে উপবাসে থাকিলে পৰাপক্ষত লিচু খোৱাৰ পৰা বিৰত থাকক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here