কেঁচা জলকীয়া নপচাকৈ সংৰক্ষণ কৰি ৰখাৰ টিপছ

0
88


নিমখ, হালধি, তেল মছলা সঠিক পৰিমাণত থাকিলেহে এখন আঞ্জা খাবলৈ সুস্বাদু হয়৷ নিমখ-তেলৰ লগতে মাছ-মাংসৰ ব্যঞ্জনখনত কেঁচা জলকীয়া কেইটামান পিচি দিব নোৱাৰিলে আঞ্জাখনে পূৰ্ণনা নাপায় আৰু খাবলৈও জুতি লগা হৈ নুঠে৷ সেয়ে ব্যঞ্জন এখন সোৱাদৰ ক্ষেত্ৰত কেঁচা জলকীয়াৰ অৱদান অনস্বীকাৰ্য৷ সেয়ে আন আন পাচলিৰ দৰে ৰন্ধন প্ৰকৰণৰ বাবে কেঁচা জলকীয়া সৰহকৈয়ে বজাৰৰ পৰা কিনি অনা হয়৷ কিন্তু এইদৰে সৰহকৈ কিনি অনাৰ দুদিনমানৰ পাছতে কেঁচা জলকীয়াখিনি পচিবলৈ আৰম্ভ কৰে আৰু শেষত পেলাই দিবলগীয়া হয়৷ আনহাতে ফ্ৰীজত ৰাখিলেও লাহে লাহে পচিবলৈ আৰম্ভ কৰে, বেছিদিন নাযায়৷ সেয়ে কেঁচা জলকীয়া বেছিদিন সতেজ হৈ থাকিবলৈ অথবা ইয়াক পচনৰ পৰা বচাবলৈ সহজে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব তাক জানো আহক৷ এই সমস্যাৰ পৰা ৰেহাই পোৱাৰ উপায় আছে৷ দীৰ্ঘদিন ধৰি কেঁচা জলকীয়া কিদৰে সতেজ কৰি ৰাখিব সেইবোৰ টিপছ আয়ত্ত কৰিলে আপুনিও বহুদিনলৈ কেঁচা জলকীয়া সতেজ কৰি ৰাখিব পাৰিব৷ বজাৰৰ পৰা কিনি অনা কেঁচা জলকীয়া বেছিদিনলৈ ৰাখিবলৈ হ’লে বজাৰৰ পৰা অনাৰ পাছত প্লাষ্টিকৰ বেগৰ পৰা উলিয়াই পৰিষ্কাৰ পানীৰে ভালদৰে ধুই দিয়ক৷ তাৰ পাছত টিছু পেপাৰ মেৰাই কিছু সময় ৰাখি থওক৷ কিয়নো বজাৰৰ পৰা অনাৰ পাছত জলকীয়াখিনিত থাকিলে টিছু পেপাৰে সেই পানীখিনি শুহি ল’ব৷ আচলতে জলকীয়াত পানী থকাৰ কাৰণে সোনকালে পচন ধৰে৷ টিছু পেপাৰৰ থোৱাৰ পাছত আৰু কিছু সময়ৰ বাবে ফেনৰ তলত ৰাখি থ’ব৷ ফেনৰ বতাহত জলকীয়াখিনি কিছু পৰিমাণে শুকাই যাব৷ তাৰ পাছত কাগজেৰে ভালদৰে টানকৈ বান্ধি ফ্ৰীজত সংৰক্ষণৰ বাবে ৰাখক৷ এনেকৈ ৰাখিলে কেইবাদিনলৈ নপচাকৈ জলকীয়াখিনি সংৰক্ষণ হৈ থাকিব৷ আনহাতে কেতিয়াবা জলকীয়া পচনৰ পৰা হাত সাৰিবলৈ বজাৰৰ পৰা আনিয়েই ভালদৰে ধুই মিক্সাৰগ্ৰাইণ্ডাৰত ভালদৰে পিচি লৈ এটা পাত্ৰত ৰাখি ফ্ৰীজত থৈ দিব পাৰে৷ এনে কৰিলেও কিছুদিনলৈ সেই পেষ্টখিনি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰি থাকিব পাৰি

LEAVE A REPLY

Please enter your comment!
Please enter your name here