Beauty PlusDiet PlusFitness PlusHealth NaturallyHealth Talksকেঁচা আম মুখৰোচকে নহয়, আছে বহুতো স্বাস্থ্যগুণBy Health Plus - June 3, 202505Facebook Twitter Pinterest WhatsApp আমক ফলৰ ৰজা বুলি কোৱা হয়৷ বতৰৰ ফল আম ভাল নোপোৱা মানুহ কিজানি নোলাব৷ পকা আম খাবলৈ যিমান সুমিষ্ট ইয়াৰ স্বাস্থ্য উপকাৰ তাৰো দুগুণ৷ আনহাতে গৰমৰ দিনত কেঁচা আম চকলিয়াই তাত নিমখ-জলকীয়া সানি গছৰ ছাঁত বহি খোৱাৰ মাদকতা সুকীয়া৷ কলপাতত এইদৰে চকলীয়াই থোৱা আম দেখিলেই লোভতে আপোনাৰো জিভাৰ পানী ক’ব নোৱৰাকৈয়ে পৰিব৷ কেঁচা আম এইদৰে খোৱাৰ ফলত অকল আমেজেই নহয়, ইয়াৰ আছে আমি নজনাকৈয়ে পোৱা বহুতো শাৰীৰিক উপকাৰিতা৷কেঁচা আমে শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে তথা প্ৰচণ্ড গৰমৰ সময়ত হিট ষ্ট˜’কৰ সম্ভাৱনা কমায়৷ কেঁচা আমে প্ৰখৰ গৰমত শৰীৰৰ পৰা অতিৰিক্তলৱণ আৰু আইৰন বাহিৰ যোৱা ৰোধ কৰে, অৰ্থাৎ ডিহাইড্ৰেশ্যন প্ৰতিৰোধ কৰে৷কেঁচা আমত থকা এনজাইম আৰু ফাইবাৰে হজম প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে৷ কোষ্ঠকাঠিন্য, এচিডিটি তথা বদহজমৰ দৰে সমস্যা ৰোধ কৰাত কেঁচা আম কাৰ্যকৰী৷ কেঁচা আমে পিত্তৰসৰ নিঃসৰণ বঢ়াই হজমত সহায় কৰে৷কেঁচা আমত ভিটামিন-চি, ভিটামিন-এ আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ এই উপাদানবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু বিভিন্ন সংক্ৰমণ আৰু অসুস্থতাৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে৷কেঁচা আম লিভাৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে৷ কেঁচা আমে পিত্তৰস উৎপাদন বৃদ্ধি কৰে আৰু লিভাৰৰ পৰা বিষাক্ত পদাৰ্থ দূৰ কৰাত সহায় কৰে৷ কেঁচা আমে লিভাৰত পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷কেঁচা আমত থকা ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট ছালৰ কাৰণে খুব উপকাৰী৷ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰা, ব্ৰন সমস্যা কমাই ৰখা আৰু অকাল বাৰ্ধক্য চাপ ছালৰ পৰিবলৈ নিদিয়াত আমে সহায় কৰে৷ অৱশ্যে অতিৰিক্ত কেঁচা আম খোৱাৰ ফলত পেট চলা, পেটৰ বিভিন্ন সমস্যা হ’ব পাৰে৷ সেয়ে পৰিমতি মাত্ৰাতহে কেঁচা আম খোৱা উচিত৷