কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰাচাইবাৰ অপহৰণৰ নতুন কৌশল

0
176


বিশ্বত ঠগ-প্ৰবঞ্চকৰ দৌৰাত্ম্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ শেহতীয়াকৈ উন্নত বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় লৈও অপৰাধীয়ে ঠগ-প্ৰবঞ্চনাৰ জাল পেলাবলৈ লৈছে৷ চাইবাৰ অপৰাধীয়ে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাকে এই কামত ব্যৱহাৰ কৰিবলৈ লোৱাটোৱে এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে৷ এনে ধৰণৰ চাইবাৰ অপৰাধীয়ে বিশ্বৰ যিকোনো লোককে নিজৰ চিকাৰ কৰি ল’ব পাৰে৷ অলপতে আমেৰিকাত চাইবাৰ অপৰাধীয়ে সংঘটিত কৰা এক নতুন ধৰণৰ অপৰাধৰ তথ্য পোহৰলৈ আহিছে৷ অপৰাধীয়ে আমেৰিকাত অধ্যয়ন কৰি থকা এজন চীনৰ ছাত্ৰক ‘চাইবাৰ অপহৰণ’ কৰে৷ ১৭ বছৰীয়া কাই ঝুৱাং নামৰ ছাত্ৰজনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে৷ আৰক্ষীয়ে কাই বিছাৰি পোৱাৰ আগতেই তেওঁৰ পিতৃ-মাতৃয়ে অপহৰণকাৰীক সিহঁতে দাবী কৰা ৮০ হাজাৰ ডলাৰ ধন আদায় দিয়ে৷ উহাহৰ আৰক্ষীৰ মতে, ই ‘চাইবাৰ অপহৰণ’ৰ এটা ঘটনা৷ উল্লেখ্য যে অপৰাধীয়ে নতুনকৈ অৱলম্বন কৰিবলৈ চাইবাৰ অপহৰণৰ কৌশল৷ প্ৰথমে অপৰাধীয়ে কোনো ওজন ব্যক্তি বা শিশুক নিঃসংগভাৱে থাকিবলৈ সন্মত কৰে৷ ইয়াৰ পাছত তেওঁৰ অভিভাৱকৰ পৰা ধন দাবী কৰে৷ চাইবাৰ অপহৰণকাৰীয়ে নিজৰ চিকাৰক এনে ধৰণে প্ৰভাৱিত কৰে যে তেওঁ নিজৰ হাত-মুখ বন্ধা থকা ফটো তুলিবলৈ দিয়ে৷ মনকৰিবলগীয়া কথাটো হ’ল চাইবাৰ অপৰাধী শাৰীৰিকভাৱে অপহৃত ব্যক্তি বা শিশুৰ কাষত নাথাকে বা নাযায়৷ সিহঁতে ভিডিঅ’ কলৰ জৰিয়তে অপহৰণ কৰা ব্যক্তিজনৰ প্ৰতি কামত চকু ৰাখে আৰু সেই অনুসৰি নিজৰ কৌশল প্ৰস্তুত কৰে৷ আৰক্ষীৰ মতে চাইবাৰ অপহৰণকাৰী অতি চতুৰ৷ সিঁহতে সহজে মানসিকভাৱে প্ৰভাৱিত কৰা শিশু বা কিশোৰক বাছনি কৰি লয়৷ এফ বি আইৰ মতে আমেৰিকাত শেহতীয়াকৈ চাইবাৰ অপহৰণৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি অপৰাধীয়ে চাইবাৰ অপহৰণত কৃত্ৰিম বুদ্ধিমত্তাৰ [এ আই] সহায় লয়৷ কৃত্ৰিম বুদ্ধিমত্তাৰ উত্তৰণৰ লগে লগে অপৰাধীয়ে ন ন ৰূপত ইয়াক ব্যৱহাৰ কৰিবলৈ লৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here