কৃত্ৰিম বুদ্ধিমত্তাৰ চমৎকাৰ পথত চলিল চালকবিহীন বাছ

0
91

দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলত মাজনিশা ৰাস্তাত চলিল এ ২১ বাছ৷ ৰাস্তাৰ নিৰ্দিষ্ট ষ্টপত যাত্ৰী উঠাইছে আৰু নমাবলগীয়াক নমাইছে৷ আনহাতে ট্ৰেফিক নিয়ম মানি বাছ ৰখিছে পুনৰ যোৱাৰ সংকেত লাভ কৰাৰ বাছখন গৈছে৷ সকলো ঠিকে-ঠাকে সম্পাদন কৰিছে বাছখনে৷ কিন্তু আশ্চৰ্যকৰ কথা হ’ল চালকৰ আসনত বাছখনত কোনো নাই৷ অৰ্থাৎ চালকবিহীনভাৱে চলিছে বাছখন৷ ঠিক কল্প কাহিনীৰ নিচিনা৷ এই সকলো কাম সুকলমে সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা হৈছে কৃত্ৰিম বুদ্ধিমত্তা৷ অৰ্থাৎ বাছ নিয়ন্ত্ৰণকাৰী কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত চলিছে বাছখন৷ শেহতীয়াভাৱে জানিব পৰা মতে প্ৰায় চহৰৰ ৰাস্তাতে দেখা গৈছে স্ব-চালিত নৈশ বাছ৷ যাক এভি হিচাপে পৰিচিত৷ দক্ষিণ কোৰিয়াৰ স্মাৰ্ট ইয়ৰ মবিলিটিৰ অপাৰেশ্যন প্ৰধান পাৰ্ক কাং উকে কৈছে যে এদিন চিউলৰ সকলো পথতে চালবিহীন বাছ দেখিবলৈ পাব৷ ইয়াৰ কাৰণ হিচাপে তেওঁ উল্লেখ কৰে যে বৰ্তমান এনে কিছুমান লোক আছে, যিসকলে ৰাতি বাছ চলাবলৈ টান পায়৷ মূলতঃ ইয়াৰ শূন্যতা পূৰণ কৰিবলৈ তথা ইয়াৰ সমাধান কৰিবলৈ এইধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ এই বাছ নিৰ্মাণ কৰা কোম্পানীয়ে বিগত চাৰি বছৰ ধৰি কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি এনে বাছ নিৰ্মাণৰ কামত জড়িত হৈ শেষত সফলতা পাইছে৷ বাছ কতৃৰ্পক্ষৰ মতে বিশ্বৰ যিকোনো ঠাইত চালকবিহীনভাৱে চলা বাছ এয়াই প্ৰথম৷ পাৰ্ক কাং উকে জানিবলৈ দিয়া অনুসৰি নিৰিবিলি নিশা ৰাস্তাবোৰ প্ৰযুক্তি পৰীক্ষা কৰাৰ উত্তম ঠাই৷ সেয়ে নিশা ৰাস্তাত এইদৰে চালবিহীন বাছৰ পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে৷ উল্লেখ্য যে এই বাছত উঠাৰ পূৰ্বে ব’ৰ্ডত কিছু নিৰাপত্তাৰ ব্যৱস্থা আছে৷ উদাহৰণস্বৰূপে যাত্ৰীসকল বহা তথা সৰ্বদা ছিটবেল্ট মাৰিব লাগিব৷ চালকৰ আসনতো এনে কিছু ব্যৱস্থা আছে৷ য’ত ক’ৰবাত ভুল হ’লে বাছখন নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ পৰীক্ষণৰ পাৰ্ক কাং উকে জোৰ দি কৈছে যে শীঘ্ৰেই চালকৰ কোনো প্ৰয়োজন নহ’ব৷ তথাপি বহুবাৰ চালকক ব্ৰেক মৰাৰ দেখা গৈছে৷ কাৰণ বাছ নিয়ন্ত্ৰণকাৰী কৃত্ৰিম বুদ্ধিমত্তাই প্ৰতিটো ঘটনাৰ বাবে এতিয়াও প্ৰস্তুত হোৱা নাই৷ আশাৰ কৰা হৈছে ছিউলৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নতুনকৈ নৈ বাছ হৈছে লেভেল-৩ বাহন৷ যাৰ কাৰণে নিৰ্দিষ্ট পৰিস্থিতিত কিছু মানুহৰ হস্তক্ষেপৰ প্ৰয়োজন আছে৷ স্ব-ড্ৰাইভিং প্ৰযুক্তি আচলতে কিমান সফলতা লভে সেয়া অপেক্ষা কৰিবলগীয়া বিষয় যদিও লাহে লাহে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ ক্ৰমশঃ জনপ্ৰিয় হৈ উঠিছে জনসাধাৰণৰ মাজত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here