কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এতিয়া মানুহে বিভিন্ন ধৰণৰ কাম কৰিবলৈ লৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাই [এ আই] অচিৰেই মানুহৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব বুলিও কোৱা হৈছে৷ শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি এখন দাপোণ তৈয়াৰ কৰা হৈছে৷ এ আই দাপোণখনৰ নাম দিয়া হৈছে অনুৰা মেজিক মিৰ’ৰ৷ এই দাপোণখনে যিকোনো এজন ব্যক্তিৰ মুখ দেখিয়েই তেওঁৰ সম্পৰ্কত ভৱিষ্যদ্বাণী কৰিব পাৰে৷ যদিহে দাপোণখনে ভাবে যে ব্যক্তিজনৰ মৃত্যু আসন্ন তেতিয়া ইয়াৰ বিষয়ে সতৰ্ক কৰিও দিব পাৰে৷ ডেইলী মেইলে প্ৰকাশ কৰা অনুসৰি এই অনুৰা মেজিক মিৰ’ৰ ২১.৫ ইঞ্চি দীঘল৷ এই দাপোণখনে মানুহৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য আদান-প্ৰদান কৰাৰ কাৰণে ৰক্তপ্ৰৱাহক বিশ্লেষণ কৰে আৰু ইয়াৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰে৷ এই দাপোণখনে হৃৎপিণ্ডৰ বিভিন্ন ৰোগ, উচ্চ ৰক্তচাপ, বয়স তথা মানসিক চাপৰ বিষয়ে আগতীয়া অনুমান কৰিব পাৰে৷ এই দাপোণখনে মানুহৰ মুখখন স্কেন কৰিয়েই শতাধিক স্বাস্থ্য সম্পৰ্কীয় মানৰ বিষয়ে তথ্য লাভ কৰিব পাৰে৷ ইয়াৰ ভিতৰত উচ্চ ৰক্তচাপৰ পৰা জ্বৰলৈকে বিভিন্ন ৰোগো আছে৷ ইয়াৰ লগতে মানসিক স্বাস্থ্যৰ সম্পৰ্কতো তথ্যৰ যোগান ধৰিব পাৰে৷ এই যাদুকৰী দাপোণখন তৈয়াৰ কৰা নিউৰালজিক্সৰ মতে, অনুৰা মেজিক মিৰ’ৰৰে সম্ভাব্য স্বাস্থ্য সম্পৰ্কীয় আশংকাসমূহৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিলেও সেইবিলাকৰ বিষয়ে নিশ্চয়তা দিব নোৱাৰে৷