কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টিকৰা শিশু বিশ্বৰ প্ৰথম

0
158

কৃত্ৰিম বুদ্ধিমত্তাই [এ আই] মানুহৰ জীৱনলৈ বৃহৎ পৰিৱৰ্তন আনিছে৷ মানুিহে এতিয়া ইয়াৰ সহায়ত যিকোনো কাম কৰিব পৰা হৈছে৷ শেহতীয়াকৈ চীনৰ এটা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি এটা শিশুৰ সৃষ্টি কৰে৷ এই শিশুটোৱে মানুহৰ দৰেই ব্যৱহাৰ কৰে৷ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সৃষ্টি কৰা এই তিনি বছৰীয়া শিশুটোৰ মানব শিশুৰ দৰে আবেগ-অনুভুতিও আছে৷ এই এ আই শিশুটোৰ খং উঠে, কান্দে, হাহে আৰু কেতিয়াবা হতাশ হৈ পৰাও দেখা পোৱা যায়৷ এই এ আই শিশুটোৰ সৃষ্টি কৰিছে বেইজিং ইনষ্টিটিউট ফৰ জেনেৰেল আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে৷ ইয়াৰ নাম দিয়া হৈছে টং টং৷ ইয়াৰ অৰ্থ হ’ল কণমানি ছোৱালী৷ টং টঙক দেখি বিশ্ব আচৰিত হৈ পৰে৷ ইয়াৰ কাৰণ এই শিশুটোৰ মানৱ শিশুৰ দৰে সকলো শিশুসূলভ গুণ আছে৷ ইয়াৰ লগতে ই বিশেষজ্ঞৰ দৰে সকলো প্ৰশ্নৰ উত্তৰো দিব পাৰে বা বিভিন্ন সমস্যাৰ সমাধানৰ উপায়ো দিব পাৰে৷ প্ৰতিষ্ঠানটোৰ বিজ্ঞানীসকলে প্ৰকাশ কৰে অনুসৰি টং টঙৰ মানৱ শিশুৰ দৰে ডাঙৰ দেখি শিকাৰ ক্ষমতাও আছে৷ টং টঙৰ মানুহৰ দৰে মগজু থকা বুলিও কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here