১৫ মিনিটতে সম্পূৰ্ণ চাফা কৰি দিব এই যন্ত্ৰটোৱে৷ কৃত্ৰিম বুদ্ধিমত্তাৰে মেধাচালিত ‘মানুহ ধোৱা’ যন্ত্ৰ আৱিষ্কাৰ কৰিছে জাপানে৷ জাপানী সংস্থা ছায়েন্স কোং-এ তৈয়াৰ কৰি উলিয়াইছে এই যন্ত্ৰটো৷ ইয়াৰ নাম মিৰাই নিংগেন চেণ্টাকুক৷ সংস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে যে এই বিশেষ যন্ত্ৰই মানুহৰ স্পায়ৰ দৰে অভিজ্ঞতা দিব৷ যন্ত্ৰটোত উন্নত মানৰ পানীৰ জেট আৰু আণুবীক্ষণিক বুদবুদ আছে৷ যিসকল এই স্বচ্ছ যন্ত্ৰ ব্যৱহাৰ কৰিব তেওঁলোকৰ ছালৰ ধৰণ তথা শাৰীৰিক গঠন অনুযায়ী গৰম পানীৰ দ্বাৰা ধোৱাৰ ব্যৱস্থা কৰিব কৃত্ৰিম মেধাই৷ ইয়াৰ ফলত শৰীৰৰ সমস্ত ময়লা পৰিষ্কাৰ হৈ যাব৷ লগতে ইয়াৰ গা ধোৱা খুব আৰামদায়ক হ’ব৷ আনহাতে যন্ত্ৰটো মানুহৰ মানসিক সুস্থতাৰ দিশতো নজৰ দিব বুলি সংস্থাৰ তৰফৰ পৰা কোৱা হৈছে৷ ইয়াৰ লগতে যন্ত্ৰ প্ৰস্তুতকাৰী সংস্থাটোৱে জানিবলৈ দিয়ে যে আপাততঃ ২০২৫ চনত ওছাকা এক্সপোত অত্যাধুনিক এই যন্ত্ৰটো প্ৰকাশ্যে অনা হ’ব৷ ইয়াত এহেজাৰ লোকক যন্ত্ৰটো ব্যৱহাৰৰ সুযোগ দিয়া হ’ব৷ পৰীক্ষাত সফল হ’লে যন্ত্ৰটোৰ উৎপাদন আৰম্ভ কৰা হ’ব আৰু ব্যৱহাৰৰ বাবে উলিয়াই দিব৷ উল্লেখ্য যে বিভিন্ন সময়ত নতুন নতুন প্ৰযুক্তি উদ্ভাৱন কৰি বিশ্বক চমক দেখুৱাই আছে জাপানে৷ আৰু ইয়াৰ অংশ হিচাপেই ‘মানুহ ধোৱা’ যন্ত্ৰ আৱিষ্কাৰ কৰিছে সূৰ্য উদয় হোৱা দেশখনে৷ জাপানৰ বিজ্ঞানীয়ে কৃত্ৰিম মেধাচালিত এনে এক ৱাশ্বিং মেচিন আৱিষ্কাৰ কৰিছে, যাৰ জৰিয়তে ১৫ মিনিটৰ ভিতৰত এজন মানুহ সম্পূৰ্ণ চাফা বা পৰিষ্কাৰ তথা শৰীৰৰ পৰা পানী শুকুৱাবলৈ সক্ষম হ’ব৷