কুকুৰীকণা ৰোগৰ প্ৰতিকাৰ কি?

0
2382

আমাৰ চকুৰ ৰোগসমূহৰ ভিতৰত কুকুৰীকণা অন্যতম৷ এই ৰোগৰ লক্ষণ হিচাপে ৰোগীয়ে সন্ধিয়া সময়ত বা কম পোহৰত চকুৰে বস্তু দেখা নাপায়৷ চকুৰে জলক-তবক দেখা পায়৷ শৰীৰত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ডি আৰু প্ৰ’টিনজাতীয় বস্তুৰ অভাৱ হ’লে এই ৰোগ হ’ব পাৰে৷ কিছুমান ঘৰুৱা বিধান অৱলম্বন কৰি কুকুৰীকণা ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি৷

(১) ত্ৰিফলাচূৰ্ণ মৌ বা ঘিউৰ লগত ৰাতিপুৱা খালে কুকুৰীকণা ৰোগ ভাল হয়৷
(২) সতমূলৰ পাত ঘিউত ভাজি খাব লাগে৷
(৩) জেতুকা পাতৰ ৰস হাত-ভৰিৰ তলুৱাত লগালে দৃষ্টিশক্তি বৃদ্ধি হয়৷
(৪) মহাভৃংগৰাজৰ পাত মাছৰ কণীৰ লগত ভাজি খালে কুকুৰীকণা ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।
(৫) বকফুলৰ পাত বা ফুল ঘিউত ভাজি খালে কুকুৰীকণা ভাল হয়৷
(৬) কুমলীয়া চজিনাৰ পাত ভাজি খালেও সুফল পোৱা যায়৷
(৭) সৰিয়হ পাতৰ নিয়ৰৰ টোপাল চকুত দিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here