কুকুৰাৰ পাখিক ব্যৱহাৰকৰা হ’ব বিদ্যুৎ উৎপাদনত

0
248


কুকুৰা পালন অৰ্থাৎ হাঁহ-কুকুৰা পালন উদ্যোগক পৰিৱেশৰ দিশৰ পৰা বৰ ভাল বুলি কোৱা নহয়৷ এই উদ্যোগে পৰিৱেশত প্ৰভাৱ পেলাইছে বুলি প্ৰায়ে সমালোচনা কৰা হয়৷ কিন্তু এতিয়া এই সমালোচনাৰ এক ইতিবাচক সমাধান ওলাব পাৰে বুলি আশা কৰা হৈছে আৰু পৰিষ্কাৰ বিদ্যুৎ উৎপাদনত সহায় কৰিব পাৰিব বুলি কোৱা হৈছে৷ সেইটো কৰিব পৰা যাব এই উদ্যোগৰ পৰা ওলোৱা আৱৰ্জনাৰ পৰা৷ বিজ্ঞানীসকলে কুকুৰাৰ পাখিৰে এনে এবিধ ফাইবাৰ প্ৰস্তুত কৰিছে, যি বিদ্যুৎ উৎপাদন কৰা ইন্ধনত যথেষ্ট উপযোগী তথা সস্তীয়া ব্যৱহাৰ হ’ব৷ মন কৰিবলগীয়া যে কুকৰাৰ পাখিয়ে এই উদ্যোগৰ পৰা ওলোৱা আৱৰ্জনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ বিশ্বত প্ৰতিবছৰে প্ৰায় চাৰি কোটি টন কুকুৰাৰ পাখি জ্বলোৱা হয়৷ ইয়াৰ ফলত কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন হোৱাৰ লগতে ছালফাৰ ডাই অক্সাইডৰ দৰে বিষাক্ত গেছো ওলায়৷ এইবিলাকে পৰিৱেশৰ ব্যাপক ক্ষতিসাধন কৰে৷ এতিয়া কুকুৰাৰ পাখিক ব্যৱহাৰ কৰা হ’ব বিদ্যুৎ উৎপাদন কৰাত৷ ই চি এল জুৰিখ আৰু ছিংগাপুৰৰ ননয়াং টেকন’লজিকেল বিশ্ববিদ্যালয়ে কুকুৰাৰ পাখিৰ ব্যৱহাৰ কৰাৰ এক যুগান্তৰকাৰী পথ বিচাৰি উলিয়াইছে৷ পৰিৱেশৰ বাবে বোজা হৈ পৰা এই আৱৰ্জনা এতিয়া শক্তি উৎপাদনত এক উৎসলৈ পৰিৱৰ্তন হ’ব৷ কুকুৰাৰ পাখিত ৯০% কেৰেটিন থাকে৷ মানুহৰ চুলিও এই প্ৰটিনেৰে গঠিত৷ গৱেষকসকলে এনেকুৱা এক প্ৰণালীৰ বিকাশ কৰিছে– যাৰ জৰিয়তে কুকুৰাৰ পাখিৰ পৰা এই প্ৰটিন উলিওৱা হ’ব৷ তাৰ পৰা একেবাৰে নিমজ আঁহ তৈয়াৰ কৰা হ’ব৷ ইয়াক অমিলয়ড ফাইব্ৰিল বুলি কোৱা হৈছে৷ ইয়াক ফিউল চেলত তৰপৰূপে ব্যৱহাৰ কৰিব পৰা যাব৷ ফিউল চেলত হাইড্ৰজেন আৰু অক্সিজেনৰ মিশ্ৰণ কৰি বিদুৎ, তাপ আৰু পানী উৎপাদন কৰা হয়৷ এই বিদ্যুৎ উৎপাদন কৰোঁত কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন নহয়৷ আন কথাত কাৰ্বনমুক্ত বিদ্যুৎ উৎপাদন কৰা হয়৷ সাধাৰণতে এই প্ৰণালীত ফিউল চেলৰ তৰপ ৰূপে বিষাক্ত ৰাসায়নিক ব্যৱহাৰ কৰা হয়৷ কিন্তু অমিলয়ড ফাইব্ৰিলে ইয়াৰ প্ৰয়োজন নোহোৱা কৰিব৷ তদুপৰি ই কম খৰচীও হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here