কি ভিটামিনৰ অভাৱ হ’লে গা খজুৱাই থাকে

0
3

বিভিন্ন কাৰণত আমাৰ শৰীৰৰ বিভিন্ন অংগ যেনে– হাত ভৰি গা আদিৰ খজুৱতি উঠে৷ কেতিয়াৱা এই গাৰ খজুৱতি ইমান বেছিকৈ লাগে যে খজুওৱা ঠাইৰ পৰা তেজ পৰ্যন্ত ওলায়৷ আনহাতে কেতিয়াৱা পোক-পতংগই কামোৰা বা এলাৰ্জিৰ ফলতো গাৰ খজুৱতি হ’ব পাৰে৷ এইধৰণৰ খজুৱতিবোৰ এটা সময়ত কমি যায়৷ কিন্তু কিছুমান ক্ষেত্ৰত যিমানেই নুখুজাওক লাগিলে এইদৰে হোৱা গাৰ খজুৱতি নকমে৷ তেনে ক্ষেত্ৰত ভবা উচিত যে আপোনাৰ এই গাৰ খজুৱতি আন বিশেষ কাৰণৰ বাবেহে হৈছে৷ অথবা শৰীৰত কিবা অভাৱ হোৱাৰ কাৰণে এইদৰে গাৰ খজুৱতি হ’ব পাৰে৷ বিশেষজ্ঞই কোৱা মতে শৰীৰত ভিটামিন-এ আৰু কেলচিয়ামৰ অভাৱ হ’লে ছালৰ খজুৱতি হ’ব পাৰে৷ আনহাতে শৰীৰত ভিটামিন-বিৰ অভাৱ হ’লেও খজুৱতি হ’ব পাৰে৷ এই ক্ষেত্ৰত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ভিটামিন-বিৰ ছাপ্লিমেণ্ট খোৱাৰ পৰিৱৰ্তে খাদ্য তালিকাত ভিটামিন-বি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰক৷ এইধৰণৰ খাদ্যবোৰৰ ভিতৰত মাছ, মাংস, কণী, আলু, ফ’ৰ্টিফাইড ছিৰিয়াল আদি নিয়মিত খাদ্য তালিকাত ৰখা উচিত৷ ইয়াৰ উপৰি ছালৰ এপিডাৰ্মিছত ভিটামিন-ডি থাকে৷ ভিটামিন-ডিৰ অভাৱৰ বাবেও ছাল শুষ্ক হৈ যায়৷ সেয়ে ভিটামিন-চি সমৃদ্ধ খাদ্যই ছালৰ শুষ্কতা নোহোৱা কৰি ছালখন নিমজ তথা সজীৱ কৰি ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here