কি ভিটামিনৰ অভাৱত হ’লে যৌন ইচ্ছা কমে ?

0
2

আমাৰ শৰীৰৰ বাবে ভিটামিন এক অবিচ্ছেদ্য উপাদান৷ ভিটামিনসমূহৰ প্ৰকাৰ অনুযায়ী মানৱ গেহৰ বিভিন্ন শাৰীৰিক উপকাৰ সাধন কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়৷ অৰ্থাৎ বিভিন্ন প্ৰকাৰৰ ভিটামিনৰ গুণাগুণ সুকীয়া৷ সেয়ে কোনো এক নিৰ্দিষ্ট ভিটামিনৰ অভাৱ হ’লে সেই নিৰ্দিষ্ট অসুবিধাৰ সৃষ্টি হয়৷ বহুতেই হয়তো নাজানে যে জীৱনসংগীক কাষতে পাই বা জীৱনস্পৃহা নিবাৰণ কৰিবলৈ বহুতৰ ক্ষেত্ৰতে মন নাযায়, অৰ্থাৎ যৌন ইচ্ছা শক্তি নাজাগে৷ নতুবা প্ৰতিকূল পৰিৱেশতো যৌন সংম্ভোগৰ প্ৰতি আগ্ৰহী নহয়৷ যৌন ইচ্ছা কনি যোৱা বা একেবাৰে যৌন মিলনৰ প্ৰতি অনিচ্ছা প্ৰকাশ কৰাৰ ক্ষেত্ৰত এটা ভিটামিনৰ অভাৱৰ ক্ষেত্ৰত এবিধ ভিটামিনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ এইবিধ ভিটামিনৰ শৰীৰত অভাৱ হ’লে এনেধৰণৰ কাম কৰিবলৈ অনীহা প্ৰকাশ কৰা বা যৌন ইচ্ছা শক্তি কমি যোৱাৰ দৰে লক্ষণে দেখা দিব পাৰে৷ এই ভিটামিনক সাধাৰণতে ছানচাইন ভিটামিন বোলা হয়৷ অৱশ্যে একাধিক শাৰীৰিক তথা মানসিক কাৰণেও মানুহে একাত্মভাৱে কাষলৈ অহাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ নকৰে৷ বিভিন্ন গৱেষণাত পোৱা গৈছে যে শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে মানুহ যৌন ইচ্ছা কমি যায়৷ অৰ্থাৎ যৌন সম্ভোগৰ প্ৰতি অনিচ্ছাৰ ভাব আহে৷ শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে কম ইষ্ট্ৰোজেন ক্ষৰণ হয়৷ সেয়ে যৌন আকাংক্ষা কমি যোৱা, যৌন উত্তেজনা কম হোৱা বা যৌনক্ৰিয়াত কম তৃপ্তি অনুভৱ কৰা আদিবোৰ ভিটামিন-ডি অভাৱৰ ফলত হ’ব পাৰে৷ আনহাতে ইষ্ট্ৰোজেনে যোনিৰ পেশীবোৰক সুস্থ ৰখাত সহায় কৰে যদিও ভিটামিন-ডিৰ অভাৱ হ’লে যোনিক শুষ্ক কৰি তুলিব পাৰে৷ যাৰ কাৰণে যৌন জীৱন অস্বস্তিকৰ কৰি তুলিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here