কি পানীয় কিডনীৰ কাৰণে ক্ষতিকৰ হ’ব পাৰে

0
9

কিডনী সুস্থ ৰাখিবলৈ হ’লে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰা প্ৰয়োজন৷ এই কথাটো সকলোৱে জানে৷ আনহাতে পানীয়ৰ পৰাও পানীৰ চাহিদা পূৰ হয়৷ বহুতেই বিভিন্ন প্ৰকাৰৰ পানীয় সেৱন কৰে৷ বিশেষকৈ গৰমৰ দিনকেইটাত প্ৰচণ্ড গৰমৰ পৰা বাচিবলৈ পানীয় জনপ্ৰিয় হৈ উঠে৷ সেয়ে খেয়াল ৰখাৰ প্ৰয়োজন, সকলো পানীয় কিন্তু কিডনীৰ স্বাস্থ্যৰ কাৰণে উপকাৰী নহয়৷ এনে বহু পানীয় আছে, যিবোৰে কিডনীৰ ক্ষতি সাধন কৰে৷ বজাৰত কিনিবলৈ পোৱা পানীয় সুস্বাদু কৰিবলৈ নিমখ আৰু অত্যধিক চেনি আদি উপাদান মিহলি থাকে৷ দীৰ্ঘদিন এইধৰণৰ উপাদান গ্ৰহণ কৰাৰ ফলত কিডনীৰ ক্ষতি হ’ব পাৰে৷ আনহাতে এইবোৰ পানীয় সংৰক্ষণৰ সুবিধাৰ্থে অথবা আকৰ্ষণীয় ৰঙৰ বাবে বিভিন্ন ৰায়াসনিক মিহলি হৈ থাকে৷ এইবোৰৰ প্ৰভাৱত কিডনী ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ শীতল পানীয় একেবাৰেই স্বাস্থ্যকৰ নহয়৷ ইয়াত থকা চেনিৰ বাবে গ্লুকজৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়, যি ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে৷ দীৰ্ঘদিন তেজত গ্লুকজৰ মাত্ৰা অনিয়ন্ত্ৰিত থাকিলে কিডনীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে৷ কিডনীৰ কাৰ্যক্ষমতা বাধাগ্ৰস্ত হয়৷
পেকেটজাত জুচ সংৰক্ষণৰ কাৰণে ৰায়াসনিক যোগ কৰি পেকেটজাত সামগ্ৰী প্ৰস্তুত কৰা হয়৷ চেনি বা অন্যান্য কেমিকেল পদাৰ্থ থকা বাবে এই একেবাৰে জুচ স্বাস্থ্যকৰ নহয়৷ প্ৰায়েই যদি এইধৰণৰ জুচ খোৱা হয়, তেনেহ’লে এসময়ত কিডনীৰ ৰোগৰ কাৰণ হ’ব পাৰে৷
সাধাৰণ চৰবতত চেনি, নিমখ আদি উপদান মিহলোৱা হয়৷ চেনিতো ক্ষতিকৰে, যিকোনো ধৰণৰ নিমখ অতিৰিক্ত পৰিমাণে গ্ৰহণ কৰাটো স্বাস্থ্যকৰ নহয়৷ প্ৰয়োজনকৈ বেছি পৰিমাণে ছডিয়াম গ্ৰহণ কৰিলে উচ্ছ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পায়৷ বাঢ়িব পাৰে কিডনীজনিত সমস্যাও৷ সেয়ে ঘৰত প্ৰস্তুত কৰা যিকোনো চৰবত বা জুচ নিমখ-চেনি অবিহনে খোৱা স্বাস্থ্যৰ পক্ষে ভাল৷
এলকহলজাতীয় পানীয় গেহৰ বিভিন্ন ক্ষতিৰ কাৰণে দায়ী৷ এইধৰণৰ পানীয় সেৱনৰ ফলত কিডনীৰ কাৰ্যক্ষমতা লাহে লাহে কমি যায় আৰু কিডনীৰ সমস্যাই দেখা দিয়ে৷ এইধৰণৰ পানীয় যিকোনো অৱস্থাতেই বৰ্জনীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here