পাচলি হিচাপে বেঙেনা প্ৰায়সকলো লোকৰে প্ৰিয় খাদ্য৷ বিশেষকৈ ঠাণ্ডাকালি বেঙেনা পোৰা সোৱাদ নোলোৱা মানুহ নাই বুলিয়েই ক’ব পাৰি৷ বেঙেনাৰে বিভিন্ন ব্যঞ্জন যেনে বেঙেনা ভাজি, বেঙেনা পোৰা, বেঙেনা ভৰ্তা, বেঙেনা খাৰ বা তৰকাৰী আদি বনাই খোৱা হয়৷ সোৱাদৰ ক্ষেত্ৰতে নহয়, বেঙেনাৰ বিভিন্ন স্বাস্থ্য উপকাৰী গুণাগুণ আছে৷ বেঙেনাই হূগৰোগৰ পৰা আৰম্ভ কৰি ছুগাৰ নিয়ন্ত্ৰণলৈকে বিভিন্ন সমস্যা সমাধান কৰিব পাৰে৷ কিন্তু সকলো লোকেই বেঙেনা খোৱাটো উচিত নহয়, অৰ্থাৎ কিছুমান শাৰীৰিক অসুবিধা থাকিলে বেঙেনা খালে অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ বেঙেনা খালে গেছৰ সমস্যা বাঢ়িব পাৰে৷ সেইবাবে যিসকল লোকৰ গেছৰ সমস্যা বা পেট-সংক্ৰান্তীয় সমস্যা থাকে, তেওঁলোকে বেঙেনা খোৱা উচিত নহয়৷ ছালৰ কোনোধৰণৰ এলাৰ্জিৰ সমস্যা থাকিলেও বেঙেনা খোৱাৰ পৰা বিৰত থকা ভাল৷ যিসকলৰ ষ্ট’ন বা পাথৰৰ সমস্যা আছে, তেনে লোকে ভুলতো বেঙেনা নাখাব৷ বেঙেনাত থকা অক্সোলেটে পাথৰৰ সমস্যা বঢ়াই বিপদ ঘটাব পাৰে৷ শৰীৰৰ তেজৰ অভাৱ থাকিলে এই পাচলি খোৱা একেবাৰে অনুচিত৷ কাৰণ তেজ উৎপন্ন প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি কৰিব পাৰে বেঙেনাই৷ চকুৰে জ্বলা-পোৰা কৰা, এলাৰ্জি বা চকুৰ ফুলা ভাবৰ সমস্যা থাকিলে বেঙেনা সম্পূৰ্ণ বৰ্জন কৰা ভাল৷