কিমান বয়সৰ পৰা শুক্ৰাণু বেছি এক্টিভ হয়

0
25

কিমান বয়সৰ পৰা শুক্ৰাণু সকলোতকৈ বেছি সক্ৰিয় হয় অৰ্থাৎ এজন পুৰুষে সন্তান জন্ম দিব পৰাৰ ক্ষমতা কেতিয়াৰ পৰা আহৰণ কৰে, সেই বিষয়ে আলোচনা কৰিব বিচৰা হৈছে৷ সন্তান দিয়াৰ ক্ষেত্ৰত অকল মহিলাসকলৰ বয়সৰ ক্ষেত্ৰতে নহয়, পুৰুষৰ বয়সো একেদৰে গুৰুত্বপূৰ্ণ কথা৷ বহুতেই মন কৰে যে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত পুৰুষৰ বয়স কেতিয়াও বাধা নহয়৷ এই ক্ষেত্ৰত কেৱল মহিলাসকলৰ বয়সহে গুৰুত্বপূৰ্ণ ৷ কিন্তু এই ধাৰণাটো একেবাবে অসত্য৷ মহিলাৰ সমানে পুৰুষৰো বয়সৰ ক্ষেত্ৰত বিশেষ ভূমিকা থাকে৷ মাছুৰিটাছ জাৰ্নালত প্ৰকাশিত গৱেষণা পত্ৰত কোৱা হৈছে যে বয়স বঢ়াৰ লগে লগে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মান কমি যায়৷ মহিলাসকলৰ ক্ষেত্ৰত মেনোপজৰ সময়ত সন্তান ধাৰণৰ কোনো সম্ভাৱনা নাথাকে৷ কিন্তু পুৰুষৰ শৰীৰত শুক্ৰাণু প্ৰস্তুত হোৱাটো কেতিয়াও বন্ধ নহয়৷ অৱশ্যে বয়স বঢ়াৰ লগে লগে পুৰুষৰ শুক্ৰাণুৰ জেনেটিক মিউটেশ্যন হয়৷ যাৰ ফলত ডিএনএ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ এই অৱস্থাত পুৰুষৰ পিতৃ হোৱাৰ সম্ভাৱনাও বহু পৰিমাণে কমি যায়৷ গৱেষণাত দেখা গৈছে যে ৪০ বছৰৰ পাছত পুৰুষৰ পিতৃ হোৱাৰ ক্ষমতা কমি যায়৷ আৰু যদি পিতৃ হোৱাৰ যোগ্যতা পায়ো এই ক্ষেত্ৰত সদ্যোজাত সন্তানৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে৷ আনহাতে তেওঁৰ সংগীগৰাকীৰ গৰ্ভকালীন ডায়েবেটিছ, প্ৰিক্ল্যাম্পছিয়া তথা সময়ৰ আগতে শিশু জন্মৰ দৰে সমস্যাও হ’ব পাৰে৷ আনহাতে গৱেষণাত দেখা গৈছে যে পিতৃগৰাকীৰ বয়স যদি বেছি হয়, তেওঁলোকৰ শিশুৰ স্নায়ুতন্ত্ৰজনিত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ লগতে জন্মৰ সময়ত সদ্যোজাতৰ ওজন কম হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here