কিমান পৰিমাণৰ মদ্যপানে কেঞ্চাৰৰ সম্ভাৱনা বঢ়ায় : কি জনালে WHO-এ

0
32

মদ্যপান এক সামাজিক ব্যাধিলৈ পৰিৱৰ্তন হৈছে৷ মদ্যপানৰ ফলত বছৰি হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল, সুখৰ সংসাৰ ভাঙি থানবান হৈছে, ঘৰৰ মুৰব্বীজনৰ হেৰুৱাই পৰিয়ালৰ আন সদস্যসকলৰ জীৱন থাউনি নোপোৱা অৱস্থা হৈছে৷ মদ্যপানৰ ফলত বহুতৰে অকালতে প্ৰাণ ত্যাগ কৰিছে৷ মুঠতে মদ্যপানে অভ্যাসে সমাজৰ ক্ষতি কৰিছে ভাবিব নোৱৰাকৈয়ে৷ আনহাতে বহুতেই ভাবে যে তেওঁলোকেতো দৈনিক মদ্যপান নকৰে, মাজে-মধ্যেহে মদ খায়, গতিকে কোনো শাৰীৰিক অসুবিধা নহয়৷ কিন্তু এই ধাৰণা সম্পূৰ্ণ ভুল৷ জানো আহক মদ্যপান সম্পৰ্কে কি কৈছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ইণ্টাৰনেশ্যনেল এজেঞ্চি ফৰ ৰিছাৰ্চ অন কেঞ্চাৰৰ তথ্য অনুযায়ী এলকহল প্ৰথম ছাৰিৰ কাৰছিনোজেন৷ যিমানেই বেছি পৰিমাণে মদ্যপান কৰিব, সিমানেই বাঢ়িব কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ সম্ভাৱনা৷ বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী শুনাইছে এইবুলি যে কিমান পৰিমাণৰ মদ্যপান কৰিলে স্বাস্থ্যৰ ক্ষতি হয়, তাৰ কোনো নিৰ্দিষ্ট হিচাপ নাই৷ এলকহলৰ কোনো চেভ লেভেল নাই৷ এক ফোটা মদ শৰীৰৰ ভিতৰলৈ যোৱা মানেই শৰীৰৰ ক্ষতি৷ গৱেষণাত দেখা গৈছে যে মদ্যপানে মহিলাসকলৰ বেছি বা সহজে ক্ষতি কৰে৷ মদ্যপানৰ ফলত পুৰুষৰ তুলনাত মহিলাসকলৰ লিভাৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি৷ এনে বহু ৰোগীও আছে, যিসকলে এলকহল বহ বছৰ আগতে এৰি দিয়াৰ পাছতো ফেটি লিভাৰত আক্ৰান্ত হৈছে৷ মদ্যপানে অকল কেঞ্চাৰ অথবা লিভাৰৰ ক্ষতিয়ে নকৰে, মদ্যপানে গোটেই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি দিয়ে৷ যাৰ ফলত শৰীৰৰ বিভিন্ন সংক্ৰমণে দেখা দিয়ে, বিশেষকৈ শ্বাসতন্ত্ৰৰ সংক্ৰমণ৷ মদ্যপানৰ ফলত ব্লাড প্ৰেছাৰ বাঢ়ে, ষ্ট˜’কৰ সম্ভাৱনা বৃদ্ধি হয়, মস্কিষ্ক আৰু নাভাছ ছিষ্টেমৰ ক্ষতি কৰে৷ অত্যধিক মদ্যপানে মানুহৰ স্মৃতিভ্ৰম ঘটাব পাৰে৷ সেয়ে মনত ৰখা ভাল যে মদৰ খোৱাৰ কোনো পৰিমাণ নাথাকে, যিয়ে দেহৰ কোনো ক্ষতি নকৰে বা দেহৰ বাবে ক্ষতিকাৰক নহয়৷ আপোনাৰো এই কুঅভ্যাস আছে যদি আজিয়েই এনে কুঅভ্যাস আজিয়েই ত্যাগ কৰি এটা সুস্থ জীৱন-যাপন কৰিবলৈ যত্ন কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here