কিডনী হস্পিটেল iUKDৰ ৮৭ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

0
16

গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্‌ষ্টিটিউট অব্‌ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডিৰ ৮৭ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো যোৱা ন মাৰ্চ তাৰিখ দেওবাৰে গোলাঘাটত অনুূষ্ঠিত হৈ যায়৷ আই ইউ কে ডি আৰু ইষ্টাৰ্ন ষ্ট’ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ সহযোগত আৰু সামাজিক-সাংস্কৃতিক অনুষ্ঠান অলকানন্দা, গোলাঘাটৰ উদ্যোগত গোলাঘাট জিলা পুথিভঁৰালত এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ উল্লেখ্য যে অলকানন্দা ক্লাবৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে এই স্বাস্থ্য চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ এই বিনামূলীয়া চিকিৎসা শিবিৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জি বি এমৰ স্বত্বাধিকাৰী সঞ্জীৱ বৰুৱাই৷ এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে উপ পৌৰপতি সীমান্ত বৰা, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈ, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ যতীন নাথ, বিশিষ্ট সমাজকৰ্মী ৰেকিব শ্বাহ, শল্য চিকিৎসক ডাঃ ৰূপম দুৱৰা, ডাঃ সুৰজিৎ ফুকন, ফ’ৰ এইচৰ ক্লাবৰ সম্পাদক ভাস্কৰ গোহঁাই, সমাজকৰ্মী অচ্যুত নাথ, ইদুল বৰুৱা, অলকানন্দাৰ সভাপতি মুন ময়ূৰী দাস, সম্পাদক দশমী বৰা, সাংস্কৃতিক সম্পাদক সুস্মিতা বুঢ়াগোহাঁই, সাংগঠনিক সম্পাদক আস্থাপ্ৰিয়া বৰা, সদস্যা মৌচুমী দত্ত আদিয়ে উপস্থিত থাকি অনুষ্ঠান শোভা বৰ্ধন কৰে৷ উক্ত অনুষ্ঠানত আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট, লেজাৰমেন খ্যাত ডাঃ অৰূপ কুমাৰ নাথক অলকানন্দাৰ সভাপতি মুন ময়ূৰী দাসে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়৷ লেজাৰমেন ডাঃ নাথে শিবিৰত উপস্থিত হোৱা ৰোগীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ বিচাৰে৷ উল্লেখ্য যে ইতিমধ্যে ডাঃ নাথে বিগত কেইমাহমান ধৰি অসমৰ বিভিন্ন প্ৰান্তত আই ইউ কে ডিয়ে কিডনী সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ পৰা অৰ্ধশতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ শিবিৰত ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত যোৱা চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছসহিতে এটা দলে এই ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়ায়৷ উল্লেখ্য যে সোণাপুৰত থকা আই ইউ কে ডি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰো সম্পাদন হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here