কিডনী হস্পিটেল iUKDৰ ৮৪ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

0
68

গুৱাহাটীৰ সোণাপুৰত থকা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্‌ষ্টিটিউট অব্‌ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে জিৰ ৮৪ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো যোৱা ২ মাৰ্চ তাৰিখ দেওবাৰে হোজাইত অনুষ্ঠিত হৈ যায়৷ আই ইউ কে ডিৰ সহযোগ আৰু ইষ্টাৰ্ন ষ্ট’ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত হোজাইৰ লংকাত থকা গোপাল গোবিন্দ মেডিকেল হলত এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট, লেজাৰমেন খ্যাত ডাঃ অৰূপ কুমাৰ নাথে ৰোগীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ বিচাৰে৷ উল্লেখ্য যে ইতিমধ্যে ডাঃ নাথে বিগত কেইমাহমান ধৰি অসমৰ বিভিন্ন প্ৰান্তত আই ইউ কে ডিয়ে কিডনী সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ পৰা অৰ্ধশতাধিক ৰোগীৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হয়৷ শিবিৰত ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত যোৱা চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছসহিতে এটা বৃহৎ দলে এই ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়ায়৷ উল্লেখ্য যে সোণাপুৰত থকা আই ইউ কে ডি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰো সম্পাদন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here