গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু শিৱসাগৰৰ ৰংপুৰ জ্যোতি ক্লাব আৰু মেডলাইফ মেডিকেল ষ্ট’ৰৰ উদ্যোগত তথা ESKFৰ সহযোগত ১৫ জুন, ২০২৫, দেওবাৰে শিৱসাগৰ ষ্টেচন চাৰিআলিত অৱস্থিত ৰংপুৰ জ্যোতি ক্লাবৰ প্ৰাংগণত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১০৮সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত ৬০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ পৰামৰ্শ তথা চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথে ৰোগীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ বিচাৰে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ ‘লেজাৰমেন অব্ ইণ্ডিয়া’খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গাঁৱে-ভূঞে, চহৰে-নগৰে গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে৷ উল্লেখ্য যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰো সম্পাদন হৈছে৷