কিডনী আজীৱন সুস্থ ৰাখিবলৈএইবোৰ বাদ দিয়ক

0
181

কিডনী দেহৰ এক গুৰুত্বপূৰ্ণ অংগ৷ শৰীৰৰ এই অংগটোৰ প্ৰধান কাম হ’ল ফিল্টাৰ কৰা, যাতে শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ থাকে৷ কিডনী সুস্থ তথা ই সঠিককৈ কাৰ্য সম্পাদন কৰিলে বিভিন্ন বিপজ্জনক ৰোগৰ পৰা মুক্তি পোৱা যায়৷ আনহাতে কিডনীৰ অসুস্থ তথা ইয়াৰ ক্ষতি হ’লে তাৰ প্ৰভাৱ গোটেই শৰীৰটোতে পৰে৷ এচিডিটি তথা উচ্ছ ৰক্তচাপৰ সমস্যা বাঢ়ি যায়৷ সেয়েহে কিডনীক যদি নিৰাপদ তথা সুৰক্ষিত হিচাপে ৰাখিব বিচাৰে, তেন্তে অৱশ্যে সঠিক লাইফষ্টাইল বা জীৱনশৈলী অনুসৰণ কৰা দৰকাৰ৷ যদি আপুনি কিডনী সুস্থ তথা নিৰোগী কৰি ৰাখিব বিচাৰে, তেনেহ’লে আপোনাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰাটো হ’ব প্ৰধান কাম৷
প্ৰথমে আপুনি আপোনাৰ দৈনিক খাদ্য তালিকাৰ পৰা তৈলাক্ত খাদ্য বা জাংক ফুডজাতীয় খাদ্য বাদ দিব লাগিব৷ তাৰ পৰিৱৰ্তে স্বাস্থ্যকৰ তথা প্ৰ’টিনযুক্ত খাদ্য, গোটা শস্য অথবা ফাইবাৰযুক্ত খাদ্য ডায়েটত অন্তৰ্ভুক্ত কৰিব লাগিব৷
মদ্যপান কৰাটো অকল সামাজিক কুফলেই নহয়, ই স্বাস্থ্যৰো অন্যতম ডাঙৰ শক্ৰ৷ বৰ্তমান সময়ত ডাঙৰৰ পৰা সৰুলৈকে প্ৰায়ভাগ লোকেই মদ্যপান বা সুৰা সেৱন কৰে৷ এই কুঅভ্যাসে আমাৰ শৰীৰৰ গোটেই অংশকে ক্ষতি কৰে, বিশেষকৈ মদ্যপানে কিডনীত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায়৷ সেয়ে কিডনী সুস্থ ৰাখিবলৈ হ’লে মদ্যপান ত্যাগ কৰাটো অন্যতম কৰ্তব্য৷
আমি নিমখ খোৱাটো অপৰিহাৰ্য৷ কিন্তু দিনে ৫ গ্ৰামতকৈ বেছি নিমখ খোৱা স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ কাৰণ অতিৰিক্ত ছডিয়ামে কিডনীৰ সমস্যাৰ সৃষ্টি কৰে৷ ইয়াৰ লগতে অতিৰিক্ত নিমখ সেৱনৰ ফলত উচ্ছ ৰক্তচাপ, ডায়েবেটিছ আদি জটিল ৰোগৰ সৃষ্টিৰ কাৰণ হ’ব পাৰে৷
বহু লোকে দিনটোৰ সৰহভাগ সময়ে চাহ খায়৷ চাহ খোৱাটো তেওঁলোকৰ বাবে এটা নিচাৰ পৰিণত হয়৷ চাহত যথেষ্ট পৰিমাণে কেফেইন থকাৰ বাবে সৰহকৈ চাহ খোৱাৰ ফলত কিডনীৰ যথেষ্ট ক্ষতি হয়৷ যাৰ ফলত এচিডিটি, গেছৰ সমস্যা আদিয়ে দেখা দিব পাৰে৷
শৰীৰৰ সুস্থ তথা নিৰোগী ৰাখিবলৈ চিকিৎসকে দৈনিক কমপক্ষেও আঠ লিটাৰ পানী খোৱাৰ পৰামৰ্শ দিয়ে৷ ইয়াৰ ফলত কিডনীৰ জৰিয়তে শৰীৰৰ বৰ্জিত পদাৰ্থ সহজে বাহিৰ হয় আৰু কিডনী সুস্থ গৈ থাকে৷ ইয়াৰ বাহিৰেও নাৰিকলৰ পানী, নেমুৰ ৰস, ফলৰ ৰস আদি সেৱন কৰাটো অত্যন্ত জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here