কিডনী অসুস্থ হ’লে ৰাতি এই সমস্যা হ’ব পাৰে

0
13

যদি কিডনী বিকল তথা কিডনীজনিত সমস্যাৰ সৃষ্টি হয়, তেনেহ’লে লাহে লাহে ইয়াৰ প্ৰভাৱ গোটেই শৰীৰতে পৰিবলৈ ধৰে৷ কিডনীৰ সমস্যা আৰম্ভ হ’লে নিশাৰ ভাগত কিছু শাৰীৰিক লক্ষণ স্পষ্ট ৰূপত দেখা যায়৷ কিডনীজনিত সমস্যা আৰম্ভ হ’লে ৰাতি সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতা বাঢ়ে৷ ৰাতি ঘন ঘন প্ৰস্ৰাৱ কৰা লাগে৷ আনহাতে কিডনী বেয়া বা বিকল হ’লে শৰীৰত ছডিয়ামৰ ভাৰসাম্য নষ্ট হৈ যায়, যাৰ ফলত শৰীৰৰ অভ্যন্তৰত যিকোনো অংগত পানী জমা হয়৷ বিশেষকৈ পানী জমা হৈ ভৰি, হাত, গোৰোহা আদি ফুলি উঠে৷ কিডনীৰ প্ৰধান কাম হ’ল শৰীৰৰ বিষাক্ত, বৰ্জ্য পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া, কিন্তু যদি ইয়াত বাধাৰ সৃষ্টি হয়, তেনেহ’লে শৰীৰত অতিৰিক্তভাৱে, কোনো কাৰণ নোহোৱাকৈ খজুৱতি, তথা জ্বলন অনুভৱ হয়৷ কিডনীৰ ক্ষতি হ’লে শৰীৰত টক্সিন বাঢ়ি যায়, যাৰ কাৰণে টোপনিত ব্যাঘাত জন্মিব পাৰে৷ নিশা টোপনি কম হোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে৷ কিডনীৰ সমস্যা হ’লে শ্বাস লোৱাৰ অসুবিধা বা কষ্ট পাব পাৰে৷ এনেধৰণৰ লক্ষণে দেখা দিলে অবিলম্বে চিকিৎসকলৰ কাষ চপা অতি জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here