কিডনীৰ ৰোগত আক্ৰান্তৰ আদৰ্শ দাইলবিধ কি জানেনে ?

0
15

বৰ্তমান সময়ত ঘৰে ঘৰে ইউৰিক এচিডত ভোগা ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইউৰিক এচিডৰ সমস্যা হ’লে মচুৰ দাইল বা মাটিমাহৰ দাইল খোৱা উচিত নহয়৷ এই ক্ষেত্ৰত বিকল্প হিচাপে মগু দাইল বাছি ল’ব পাৰে৷ কলেষ্টৰেল, হাই প্ৰেছাৰ বা ডায়েবেটিছ ৰোগীৰ কাৰণে মগু দাইল খোৱা ভাল৷ মগু দাইল প্ৰ’টিনৰ ভঁৰাল৷ একাধিক পুষ্টিগুণ সমৃদ্ধ এই দাইল৷ ২০০ গ্ৰাম মগু দাইলত ২১২ কেলৰি, ০.৯ গ্ৰাম ফেট, ১৪.২ গ্ৰাম প্ৰ’টিন, ৩৮.৬ গ্ৰাম কাৰ্বহাইড্ৰেট, ১৫.৪ গ্ৰাম ফাইবাৰ পোৱা যায়৷ ইয়াৰ উপৰি ফোলেট, মেংগানিজ, মেগনেচিয়াম, ফচফৰাছ, আইৰন, পটাচিয়াম, জিংক আৰু ভিটামিন-বি২, ভিটামিন-বি৪, ভিটামিন-বি৫, ভিটামিন-বি৬ আৰু চেলেনিয়াম আদি থাকে৷ আনহাতে শৰীৰত স্বাভাৱিকভাৱে সকলো সময়তে এমিন’ এচিড উৎপন্ন নহয়৷ মগু দাইলে সেই অভাৱ পূৰণ কৰে৷ শৰীৰত পটাচিয়াম বাঢ়ি গ’লে কিডনীৰ কাৰ্যত ক্ষতিগ্ৰস্ত হয়৷ তেনে অৱস্থাত এনে খাদ্য খোৱা উচিত, যাৰ জৰিয়তে ২০০ মিলিগ্ৰামৰ কম পটাচিয়াম শৰীৰত প্ৰৱেশ কৰে৷ আনহাতে কিডনীজনিত অসুখত আক্ৰান্ত হ’লে সকলো প্ৰকাৰৰ দাইল খোৱা উচিত নহয়৷ এনে দাইলহে খাব লাগে, য’ত পটাচিয়াম আৰু ফছফৰাছৰ পৰিমাণ কম থাকে৷ কিডনীৰ অসুখত আক্ৰান্তসকলৰ কাৰণে মগু দাইল উত্তম তথা আদৰ্শ হিচাপে গণ্য কৰা হয়৷ মগু দাইলত যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে, অথচ পটাচিয়াম আৰু ফছফৰাছৰ মাত্ৰা কম৷ মগু দাইলত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট যেনে– ফেনোলিক এচিড, ফ্লেভোনয়েড, কেফিক এচিড, চিনামিক এচিড আদি থাকে৷ এইবোৰ এণ্টিঅক্সিডেণ্টে ফ্ৰি ৰেডিকেল ৰোধ কৰে, যিয়ে হৃদৰোগ, হঁাওফাঁও, ,পাকস্থলীৰ কেঞ্চাৰ, পেটৰ বিভিন্ন সমস্যা নিৰাময় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here