কিডনীৰ সুস্থতাৰ বাবে এই দুবিধ পানীয় চমৎকাৰ

0
13

এনে কিছুমান অসুখ আছে, যি ৰোগৰ দ্বাৰা শৰীৰ আক্ৰান্ত হ’লেও প্ৰথমে চিনাক্ত বা বুজাত অসুবিধা হয়৷ এই ৰোগৰ ভিতৰত কিডনীৰ অসুখ অন্যতম৷ বেছিভাগ ক্ষেত্ৰতে কিডনীৰ সমস্যা হ’লে বহু পলমকৈ চিনাক্ত হয়ষ অৰ্থাৎ কিডনীৰ বিকাৰ হ’লে সহজে ধৰা নপৰে৷ যাৰ ফলত এই অসুখে ভিতৰি ভিতৰি যথেষ্ট বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে আৰু ৰোগ চিনাক্ত হোৱাৰ পাছত জটিলতা বৃদ্ধি পায়৷ আচলতে কিডনী বিকল হৈ গ’লেও ইয়াৰ কাম চলি থাকে৷ যাৰ বাবে বাহিৰৰ পৰা ইয়াৰ ক্ষতিৰ পৰিমাণ বুজিব নোৱাৰি৷ সেয়ে ইয়াৰ আগতেই সতৰ্ক হোৱা জৰুৰী৷ কিয়নো জনাৰ পাছত ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় নাথাকে৷ এই ক্ষেত্ৰত কেৱল ঔষধ নহয়, ঘৰুৱাভাৱে দুবিধ পানীয় সেৱন কৰিব পাৰে, যি পানীয়ই কিডনীৰ সুস্থতা তথা কাৰ্যক্ষম কৰি ৰখাত সহায় কৰে৷ এই পানীয় দুবিধ সপ্তাহত দুদিন সেৱন কৰিলে কিডনীৰ স্বাস্থ্যৰ লগতে লিভাৰ টক্সিনমুক্ত হৈ থাকে৷ যাৰ বাবে হজমৰ ক্ষমতা বৃদ্ধি হয়৷ সেই পানীয় দুবিধ হ’ল বিটৰ ৰস আৰু আপেল চিডাৰ ভিনেগাৰ৷
কিডনী আৰু লিভাৰৰ স্বাস্থ্যৰ ওপৰত বিটৰ ৰসে যথেষ্ট প্ৰভাৱ পেলায়৷ ফাইবাৰ সমৃদ্ধ বিটৰ ৰসে তেজ পৰিষ্কাৰ কৰাৰ লগতে কিডনীৰ কাৰ্যকাৰিতা উন্নত কৰে৷ ইয়াৰ বাবে বিট, গাজৰ আৰু সামান্য আদা একেলগে লৈ ব্লেণ্ড কৰিব লাগে৷ ইয়াৰ পাছত ইয়াত নেমুৰ ৰস মিহলাই লৈ পুৱা খালী পেটত সেৱন কৰিব৷ এই পানীয় কিডনীৰ অসুখৰ পৰা মুক্ত কৰি ৰাখিব৷
লিভাৰত থকা টক্সিন বাহিৰ কৰাত সহায় কৰে আপেল চিডাৰ ভিনেগাৰে৷ প্ৰবায়’টিক, ভিটামিন, খনিজ তথা এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ এই আপেল চিডাৰ ভিনেগাৰৰ ৰসে শৰীৰৰ পি এইচৰ বেলেঞ্চ ঠিকে ৰাখে৷ হজম শক্তি বঢ়োৱাৰ লগতে কিডনীৰ কাৰ্যক্ষমতা ঠিকে ৰাখে আপেল চিডাৰ ভিনেগাৰে৷ ইয়াৰ বাবে এক গ্লাছ পানীত এচামুচ আপেল চিডাৰ ভিনেগাৰ মিহলাই লওক৷ পাৰিলে অলপ নেমুৰ ৰসো দিব পাৰে৷ এই মিশ্ৰণটো পুৱা টোপনিৰ পৰা উঠি সেৱন কৰক৷ কিডনীৰ পৰা টক্সিন দূৰ হৈ কিডনীৰ স্বাস্থ্য ভালে থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here