কিডনীত পাথৰ হ’লে নেমু ৰস খোৱা উচিতনে?

0
129

আজিৰ যুগত কিডনীৰ ষ্টন বা পাথৰৰ বিষয়ে নজনা মানুহ খুব কম৷ আপোনাৰ যদি কোনোবা চিনাকি বা ঘৰৰ মানুহ এই ৰোগত আক্ৰান্ত হৈছে, তেন্তে ইয়াৰ অসহ্যকৰ বেদনাৰ কথা আপুনি নি(য় অনুমান কৰিব পাৰিছে৷ কিডনীৰ ষ্টন হৈছে এটা সৰু আৰু টান পাথৰ; যিটো বৃক্কত গঠন হয়৷ এটা পাথৰ প্ত মিঃমিঃতকৈ বেছি হ’লে প্ৰস্ৰাৱত বাধা আহি পৰে, যাৰ ফলত পেটৰ তল অংশত তীব্ৰ বেদনাৰ সৃষ্টি হয়৷ কেতিয়াবা বৃক্কৰ পাথৰ ইমান ডাঙৰ হৈ যায় যে ইয়াৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়৷ কিন্তু কেতিয়াবা সুশৃংখল জীৱনশৈলী আৰু প্ৰাকৃতিকভাৱেও ইয়াক নিৰ্মূল কৰিব পৰা যায়৷ পানীয়েই হৈছে বৃক্কৰ পাথৰ নিৰ্মূলীকৰণৰ প্ৰধান চাবিকাঠী৷ বৃক্কত পাথৰ হোৱা লোকে শৰীৰটোৰ হাইড্ৰেট কৰি ৰখা উচিত যাতে পাথৰ সৰু সৰু টুকুৰা হৈ প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ হৈ যাব পাৰে৷ বিশেষজ্ঞসকলৰ মতে, শৰীৰটো হাইড্ৰেট হৈ থাকিলে প্ৰথমাৱস্থাতে পাথৰ বাহিৰ অহাত বাধা প্ৰদান কৰিব পাৰি৷ যদি আপোনাৰ অনৱৰতে পানী খাই আমনি লাগিছে, তেন্তে আপুনি ঘৰতে তৈয়াৰী বিভিন্ন ফলৰ ৰস সেৱন কৰিও শৰীৰটোৰ হাইড্ৰেট কৰি ৰাখিব পাৰে৷ ডি কে পাব্লিচিঙৰ দ্বাৰা প্ৰকাশিত হিলিং ফুড্‌ছ নামৰ কিতাপখনৰ মতে, নেমু টেঙাত প্ৰচুৰ পৰিমাণে চিটট্ৰেট থাকে৷ দৈনিক নেমুৰ ৰস সেৱনে আপোনাৰ বৃক্কত পাথৰ গঠন হোৱাৰ সম্ভাৱনা দূৰ কৰিব পাৰে৷ চিটট্ৰেটে কেলচিয়াম ক্ৰিষ্টেল গঠন হোৱাত বাধা দিয়ে, যিটো হৈছে বৃক্কত পাথৰ হোৱাৰ প্ৰধান উপাদান৷ নেমু ৰসৰ লগত অলিভ অইল মিশ্ৰণ কৰি পানীৰ সৈতে দিনত ২-৩ বাৰলৈ খালে সুফল পোৱা যায়, নাইবা পুৱা কুহুমীয়া পানীৰ লগত নেমুৰ ৰস সেৱন কৰিলেও বৃক্ক সম্বন্ধীয় সমস্যা নিৰ্মূল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here