কিছু ক্ষেত্ৰত বিলাহী খালেস্বাস্থ্যৰ কি ক্ষতি হ’ব পাৰে

0
219


খাদ্য তালিকাত বিলাহীক পাচলিৰ ভিতৰত অন্যতম বুলি ধৰা হয়৷ সকলো খাদ্যতে বিলাহী মিহলাই দি খাব পাৰি৷ যিকোনো চবজিত বিলাহী দিয়ে ব্যঞ্জনখনৰ সোৱাদেই সুকীয়া হয়৷ আনহাতে সকলো লোকৰে বিলাহী প্ৰিয় খাদ্য৷ বিলাহীয়ে স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰ সাধন কৰে৷ শৰীৰৰ বিভিন্ন সমস্যা সমাধানত বিহালীত তুলনা নাই৷ তাৰ মাজতে কিন্তু আপুনি জানি আচৰিত হ’ব যে এই পাচলিবিধৰ বহু অপকাৰী গুণো আছে৷ কিছু ক্ষেত্ৰত বিলাহী স্বাস্থ্যৰ ক্ষতিকাৰক হিচাপে বিবেচিত হৈছে৷ বিলাহীৰ এই ক্ষতিকাৰক গুণ সম্পৰ্কে এপল’ হস্পিটেলৰ প্ৰধান পুষ্টিবিদ ডাঃ প্ৰিয়াংকা ৰোহতগীয়ে কি কয় জানো আহক৷ ডাঃ প্ৰিয়াংকা ৰোহতগীয়ে জনোৱা মতে বিলাহীত থকা যৌগ পানীত দ্ৰৱণীয়৷ সেয়ে বিলাহী সীমিত পৰিমাণে গ্ৰহণ কৰিলে শৰীৰৰ কোনো ক্ষতি নহয়৷ কিন্তু খুব বেছিকৈ বিলাহী খোৱাৰ ফলত শৰীৰৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ ডাঃ ৰোহতগীয়ে কয় যে যদি কোনো লোকৰ আগৰে পৰা গাঁঠিৰ বিষ থাকে অথবা গাখীৰ, দৈ, পনীৰ আদি কেলচিয়াম সমৃদ্ধ খাদ্য গ্ৰহণ কৰে– তেনেহ’লে বিলাহী খোৱাৰ ফলত গাঁঠিৰ বিষ বঢ়াৰ পূৰ্ণ সম্ভাৱনা থাকে৷ ইয়াৰ লগতে তেওঁ জনায় যে বিলাহী অম্লীয় প্ৰকৃতিৰ৷ ইয়াত মেলিক তথা ছাইট্ৰিক এচিড পোৱা যায়৷ সেয়ে বিলাহী বেছি পৰিমাণে খোৱাৰ ফলত হাৰ্টবাৰ্ন নাইবা এচিড ৰিফ্লেক্সৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ যিসকলৰ আগৰে পৰা গেছ, এচিডিটিৰ সমস্যা থাকে, তেওঁলোকৰ বিলাহী খোৱাৰ কাৰণে সমস্যাই দেখা দিব পাৰে৷ আনহাতে খালী পেটত বিলাহী খোৱা একেবাৰে অনুচিত৷ ডাঃ প্ৰিয়াংকা ৰোহতগীয়ে আৰু জনায় যে বিলাহীত অক্সালেটৰ পৰিমাণ যথেষ্ট কম থাকে৷ যাৰ ফলত সৰহকৈ বিলাহী খালে কিডনীত পাথৰ জমা হোৱাৰ সম্ভাৱনা থাকে৷ অতিৰিক্তভাৱে বিলাহী খোৱাৰ ফলত অকল কিডনীৰে নহয় শৰীৰৰ বিভিন্ন গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷ সেয়েহে সীমিত পৰিমাণে বিলাহী খাই শৰীৰ সুস্থ আৰু সবল কৰি ৰাখক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here