ড্ৰাই ফ্ৰুইটছৰ অন্যতম এবিধ কিচমিচ৷ কিচমিচ খোৱাৰ ফলত আমাৰ শৰীৰৰ বিভিন্ন প্ৰকাৰে উপকাৰ লাভ কৰে৷ শৰীৰে শক্তি লাভৰ লগতে ৰোগ নিৰ্মূলৰ বাবে কিচমিচ খোৱা জৰুৰী৷ কিন্তু পৰিমাণতকৈ বেছি কিচমিচ খোৱাৰ ফলত শৰীৰৰ অপকাৰ হ’ব পাৰে৷ অৰ্থাৎ প্ৰয়োজনতকৈ বেছি কিচমিচ খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ এই ড্ৰাই ফ্ৰুইটছ সৰহকৈ খোৱাৰ ফলত পাচনতন্ত্ৰত চাপ পৰে৷ যাৰ ফলত হজম শক্তিৰ সমস্যা বা গেছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ কিচমিচ বেছিকৈ খোৱাৰ ফলত ডায়েবেটিছ আৰু ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে৷ কিচমিচ দৈনিক হিচাপতকৈ বেছিকৈ খালে ছালৰ এলাৰ্জিৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ আনহাতে যদি আপুনি নিয়মিতভাৱে পৰ্যাপ্ত পৰিমাণতকৈ বেছি কিচমিচ খোৱাৰ অভ্যাস কৰে, তেনেহ’লে শ্বাস-প্ৰশ্বাসৰ সমস্যাই দেখা দিব পাৰে৷ সৰহকৈ কিচমিচ খালে ডিহাইড্ৰেশ্যনৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে৷ মনত ৰখা ভাল যে কিচমিচত বহুতো গুৰুত্বপূৰ্ণ পুষ্টি উপাদান পোৱা যায়৷ সেয়ে নিয়ম অনুযায়ী খালে শৰীৰৰ উপকাৰ পোৱা যায়৷