বহুতৰে কাষলতিৰ তলত ক’লা দাগ পৰি চামনি সদৃশ হৈ পৰে৷ এই ক’লা দাগ পৰা অংশত গা ধোৱাৰ সময়ত যিমানেই চাবোন নামাৰে কিয়, কেতিয়াও নাযায়৷ বৰঞ্চ দিন যোৱাৰ লগে লগে এই দাগ বেছিহে হয় আৰু গোটেই কাষলতিখন ঘেৰি ধৰে৷ দেখাত একেবাৰে বেয়া দেখাৰ লগতে মনটোও অশান্ত অনুভৱ কৰে৷ নিয়মিতভাৱে ৰেজাৰ তথা বজাৰৰ পৰা কিনি অনা ক্ৰিম ব্যৱহাৰ কৰিলেও ছালত পৰা এই ক’লা দাগ আঁতৰ নহয়৷ সেয়ে কিছু ঘৰুৱা উপায় অৱলম্বন কৰিলে ইয়াৰ পৰা সুফল পোৱা যায়৷ কি ঘৰুৱা উপায় গ্ৰহণ কৰি এনেধৰণৰ ক’লা দাগ নোহোৱা কৰিব জানো আহক৷ নেমুক প্ৰাকৃতিক ব্লিচ বুলি কোৱা হয়৷ এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ নেমু শৰীৰৰ যিকোনো অংশৰ দাগ নোহোৱা কৰিবলৈ সক্ষম৷ চেভিঙৰ পাছত গা ধোৱাৰ আগতে কাষলতিৰ তলত নেমুৰ ৰস লগালে ক’লা দাহ নোহোৱা হয়৷ আনহাতে ক’লা দাগ দ্ৰুতভাৱে নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ সৈতে অলপ চেনি মিহলাই এই মিশ্ৰণটো দাগ পৰা অংশত ভালদৰে লগাই পাছত ধুই দিব৷ কম সময়তে ইয়াৰ সমাধান পাব৷ ইয়াৰ উপৰি অলিভ অইলৰ সৈতে অলপ ব্ৰাউন ছুগাৰ মিহলাই ক’লা দাগ পৰা অংশত ব্যৱহাৰ কৰিব পাৰে৷ এই মিশ্ৰণটো সপ্তাহত তিনি দিনমান লগাওক৷ দেখিব দাগবোৰ ক্ৰমে নোহোৱা হৈ গৈছে৷ এটা আলুৰ ভালদৰে বাকলি পেলাই বটি ৰস উলিয়াই ল’ব৷ এতিয়া এই ৰসখিনিত অলপ ভিনেগাৰ মিহলাই যি মিশ্ৰণ পাব, সেই মিশ্ৰণখিনি কাষলতিৰ তলত ক’লা দাগত ভালদৰে লগাই পাছত পানীৰে ধুই দিব৷ এইদৰে সপ্তাহত তিনিদিন কৰিব৷ সহজে ক’লা দাগ নোহোৱা হ’ব৷ এচামুচ বেকিং ছ’ডা লৈ তাত গোলাপ জল মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো দাগ থকা অংশত ভালদৰে লগাই দিয়ক৷ সপ্তাহত অন্ততঃ চাৰি দিনমান লগাওক৷ নাৰিকল তেলেৰে কাষলতিৰ তলত মাছাজ কৰিলেও ক’লা দাগৰ পৰা সুফল পাব পাৰি৷