কাষলতিৰ ক’লা দাগ গুচাবলৈ এই পাচলিৰ ৰস লগাওক

0
8

পুৰুষ বা মহিলাৰ ক্ষেত্ৰত বহুতৰে কাষলতিৰ তলত ক’লা দাগ পৰে৷ যাৰ বাবে দেখিবলৈ কুশ্ৰী লাগে আৰু এইদৰে কাষলতিৰ তলত ক’লা দাগ পৰাৰ বাবে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত চিলব্ৰেল পিন্ধাত অসুবিধাৰ সন্মুখীন হয়৷ মহিলাসকলে এইধৰণে পৰা ক’লা দাগৰ বাবে আনৰ ওচৰত লজ্জাবোধ কৰে৷ এই ক’লা দাগ আতৰাবলৈ বহুতেই বিউটি পাৰ্লাৰলৈ যায় অথবা বজাৰৰ পৰা বিভিন্ন প্ৰসাধন ব্যৱহাৰ কৰে৷ কিন্তু এই সমস্যাৰ সাময়িকভাৱেহে সমাধান হয়৷ সেয়ে কাষলতিৰ ক’লা দাগ চিৰস্থায়ীভাৱে গুচাবলৈ ঘৰুৱাভাৱে এই উপায় অৱলম্বন কৰিব পাৰে৷ বিশেষজ্ঞই কোৱা মতে কাষলতিৰ তলৰ ক’লা দাগ নোহোৱা কৰিবলৈ আলুৰ ৰস খু্‌বেই কাৰ্যকৰী৷ আলুৰ ৰসে শৰীৰৰ যিকোনো দাগ, ক্ষতস্থানৰ চিন দূৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে কেইটুকুৰামান আলুৰ লৈ পতাত ভালদৰে পিচি ল’ব৷ ইয়াৰ পৰা ওলোৱা ৰসখিনি ভালদৰে উলিয়াই ভিনেগাৰৰ সৈতে মিশ্ৰণ কৰক৷ এই মিশ্ৰণটো কাষলতিৰ পৰা ক’লা দাগ ভালদৰে লগালে সোনকালে সুফল পাব৷ ইয়াৰ উপৰিও নেমুৰ ৰস ক’লা পৰা অংশত লগালে যথেষ্ট উপকাৰ পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here