কাপোৰৰ পৰা চাহ-কফিৰ দাগ কিদৰে নোহোৱা কৰিব?

0
301

চাহ-কফি খোৱাৰ সময়ত অসাৱধানবশতঃ কেতিয়াবা হঠাতে কাপোৰত পৰি গোটেই চোলা বা পেণ্টটো লাগি দাগ পৰে অথবা ৰান্ধনীশালত আঞ্জা বনোৱাৰ সময়ত কেৰাহীৰ তেলত ছিটিকনি কাপোৰত পৰি গোটেই কাপোৰখনেই হালধীয়া বৰণ ধৰে৷ তেনে অৱস্থাত আপুনি পানীৰে মচি দিয়া বা পাছত চাবোন লগালেও সেই দাগ আৰু আঁতৰি নাযায়৷ বগা বা তেনে পাতল ৰঙৰ কাপোৰ হ’লেতো সেই দাগ গুচাবলৈ অশেষ কষ্ট কৰিবলগীয়া হয় নাইবা কেতিয়াবা তেনে দাগ নোযোৱাৰ বাবে পিন্ধিব নোৱাৰা হয়গৈ৷ এনে পৰিস্থিতিত আপুনি কাপোৰৰ পৰা দাগ গুচাবলৈ কেৱল চাবোন বা আন ডিটাৰজেণ্টৰ ওপৰত ভৰসা কৰিলে সমাধান নহ’ব৷ বৰং ঘৰুৱা কিছু উপায় অৱলম্বন কৰি এইধৰণৰ দাগ সহজে আঁতৰাব পাৰি৷ জানো আহক কাপোৰত লগা তেল, চাহ-কফিৰ দাগ কিদৰে নোহোৱা কৰিব৷
এটা সৰু পাত্ৰত তিনি টেবুল চামুচ বেকিং ছ’ডা পানীত মিহলাই ল’ব৷ এতিয়া এই ঘন মিশ্ৰণটো দাগ লগা কাপোৰত লগাই ৰাখক৷ কেইঘণ্টামান ৰখাৰ পাছত হাতেৰে ভালদৰে দাগ লগা অংশটো মোহাৰি দিব৷ পাছত পানীৰে ধুই দিব৷ দেখিব দাগবোৰ নোহোৱা হৈ গৈছে৷
আধা কাপ পানীত ভিনেগাৰ মিহলাই লওক৷ এই মিশ্ৰণটো দাগ পৰা কাপোৰত ভালদৰে লগাই দিব৷ কিছু সময় পাছত পৰিষ্কাৰ পানীৰে কাপোৰখন ধুই দিব৷ ভিনেগাৰৰ এচিডৰ দাগ শোষণ কৰাৰ ক্ষমতা প্ৰবল বাবে দাগবোৰ নিমিষতে নোহোৱা হ’ব৷
একাপ পানীত সৈতে দুচামুচ নিমখ আৰু নেমুৰ ৰস মিহলাই লওক৷ চাহ-কফি আদিৰ দাগ লগা অংশটোত এই দ্ৰবণটোত কিছু সময়ৰ বাবে তিয়াই ৰাখক৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে দাগ লগা কাপোৰখন ধুই দিব৷ দেখিব কাপোৰত লগা দাগবোৰ ক্ৰমে নোহোৱা হৈ গৈছে৷
কিছুমান ফল-মূল খোৱাৰ ফলত ইয়াৰ দাগ কাপোৰত লাগি নোযোৱা হয়৷ এইধৰণৰ দাগ গুচাবলৈ উত্তম হৈছে নেমুৰ ৰস৷ দাগ লগা অংশত নেমুৰ ৰস ভালদৰে লগাই তাৰ পাছত চাবোনেৰে ধুই দিয়ে দাগবোৰ নোহোৱা গৈ যায়৷
পোছাকৰ দাগ লগা অংশত বেছি কিছু মাজনেৰে ভালদৰে ঘঁহি দিয়ক৷ কিছুসময়ৰ বাবে এইদৰে ৰখাৰ পাছত ব্ৰাছেৰে দাগ লগা অংশটো ভালদৰে মাজি দিব৷ পাছত পানীৰে কাপোৰখন ধুলে দেখিব দাগবোৰ ক্ৰমে আঁতৰি গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here